ICC U-19 Women’s World Cup: ১৯ অনুৰ্ধৰ টী-২০ মহিলা বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাজিত অভিযান আৰম্ভ ভাৰতৰ

ভাৰতে মহিলাৰ ১৯ অনুৰ্ধৰ বিশ্বকাপত বিজয়েৰে অভিযান আৰম্ভ কৰিছে। প্ৰথমখন খেলত শনিবাৰে শেফালী বাৰ্মাৰ নেতৃত্বত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতৰ ছিনিয়ৰ দলত খেলা শেফালী আৰু ৰিচা ঘোষৰ বয়স ১৯ বছৰ। গতিকে ভাৰতে তেওঁলোকক ৰাখি অনুৰ্ধ-১৯ দলটো গঠন কৰিছে।

খেলখনত শেফালীয়ে ১৬ টা বলত ৪৫ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে। তেওঁ ভাৰতৰ বিজয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰত বিশ্বকাপৰ গ্ৰুপ ডিত আছে। দক্ষিণ আফ্ৰিকাৰ উপৰিও এই গ্ৰুপত আছে সংযুক্ত আৰৱ আমিৰাত আৰু স্কটলেণ্ড।

দেশৰ মাটিত প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ১৬৬ ৰাণ সংগ্ৰহ কৰে। অপেনাৰ চিমোন লৰেন্সে ৪৪ টা বলত ৬১ ৰাণ সংগ্ৰহ কৰে। আনজন অপেনাৰ এলান্দ্ৰি ৰেন্সবাৰ্গে ২৩ ৰাণ সংগ্ৰহ কৰে। কেপ্টেইন আলুহল-ই-চিয়োৱে কোনো ৰাণ নাপালে। অন্তিম অভাৰত মেডিচন লেণ্ডছমেনে ১৭ টা বলত ৩২ ৰাণ সংগ্ৰহ কৰে।

ভাৰতৰ হৈ শেফালীয়ে বলিঙত দুটা উইকেট দখল কৰে। সোনম যাদৱ আৰু পৰাশৱী চোপ্ৰাই এটাকৈ উইকেট দখল পায়।

ভাৰতক ১৬৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ মাত্ৰ ১৬.৩ অভাৰ প্ৰয়োজন হয়। শেফালীয়ে ভাৰতৰ বাবে ইনিংছ মুকলি কৰিবলৈ আহি ধুমুহাৰ সৃষ্টি কৰে। তেওঁ ৪৫ ৰাণত আউট হয় যদিও আনজন অপেনাৰ শ্বেতা চেহৰাৱতে ৯২ ৰাণত অপৰাজিত থাকে। তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

উল্লেখ্য যে কেপ্টেইন শেফালীয়ে এটা অভাৰত ২৬ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁৰ ইনিংছটোৱে ভাৰতক আগবঢ়াত উৎসাহ যোগায়। ভাৰতে মেচখন সহজে জিকে।

ভাৰতে গ্ৰুপৰ আটাইতকৈ কঠিন খেলখন সহজে জিকিছে। ইয়াৰ পিছত ১৬ জানুৱাৰীত ভাৰতে সংযুক্ত আৰৱ আমিৰাতৰ বিৰুদ্ধে খেলিব। গ্ৰুপৰ অন্তিমখন খেল আছে ১৮ জানুৱাৰীত স্কটলেণ্ডৰ বিৰুদ্ধে।

এইবাৰ মুঠ ১৬ টা দলে এই বিশ্বকাপ খেলি আছে। দলবোৰ চাৰিটা গ্ৰুপত বিভক্ত। শনিবাৰে গ্ৰুপ এ-ৰ এখন খেলত বাংলাদেশে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। আমেৰিকা শ্ৰীলংকাৰ হাতত পৰাজিত হৈছে। ভাৰতৰ গ্ৰুপৰ আনখন খেলত সংযুক্ত আৰৱ আমিৰাতে স্কটলেণ্ডক পৰাস্ত কৰে।