শিৱম মাভিৰ ৪ উইকেট! উত্তেজনাপূৰ্ণ প্ৰথমখন টী-২০ ত শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰিলে ভাৰতে

ক্ৰিকেটত ভাৰতে বছৰটো জয়েৰে আৰম্ভ কৰিলে। মঙলবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টী-২০ খেলত হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ভাৰতে শ্ৰীলংকাক ২ ৰাণত পৰাস্ত কৰে। সেইদৰে, তিনিখন খেলৰ শৃংখলাত টীম ইণ্ডিয়াই ১-০ ৰ অগ্ৰগতি লাভ কৰিছে।

প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্দ্ধাৰিত ২০ অভাৰত ৫ উইকেটত ১৬২ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাৰ ইনিংছ নিৰ্ধাৰিত অভাৰত ১৬০ ৰাণত সমাপ্ত হয়। শিৱম মাভিয়ে আন্তৰ্জাতিক কেৰিয়াৰৰ আৰম্ভণিতে টী-২০ত চাৰিটা উইকেট দখল কৰে। উমৰাণ মালিক আৰু হৰ্ষল পেটেলে দুটাকৈ উইকেট লাভ কৰে।

শ্ৰীলংকাৰ অধিনায়ক দাচুন ছনাকাই টছত জয়ী হৈ ভাৰতক বেটিং কৰিবলৈ পঠিয়ায়। কিন্তু আৰম্ভণি ভাল নাছিল। ভাৰতে ৪৬ ৰাণত ৩ টা উইকেট হেৰুৱায়। ঈশান কিষাণে ভাল আৰম্ভণি কৰিলেও আনফালে উইকেট পৰি থাকে। শুভমান গিল (৭), সূৰ্যকুমাৰ যাদৱ (৭) আৰু সঞ্জু চেমছন (৫) সোনকালেই উভতি যায়।

তিনিটা উইকেট হেৰুওৱাৰ পিছত ঈশান আৰু হাৰ্দিকে দলটোক কিছু অগ্ৰগতি প্ৰদান কৰে। ঈশানে ৩৭ ৰাণ সংগ্ৰহ কৰি উভতি যায়। ভাৰতৰ অধিনায়ক ২৯ ৰাণত আউট হয়। এনেদৰে ভাৰতে ৯৪ ৰাণত ৫ টা উইকেট হেৰুৱায়।

 

ভাৰতৰ ইনিংছত দীপক হুডা আৰু অক্ষৰ পেটেলে ষষ্ঠ উইকেটত ৬৮ ৰাণ যোগ দিয়ে। হুডাই ২৩ টা বলত ৪১ ৰাণ সংগ্ৰহ কৰে। তেওঁ মুঠতে চাৰিটা ছয় আৰু এটা চাৰি মাৰে। অক্ষৰে ২০ টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে। নিৰ্ধাৰিত অভাৰত ভাৰতে ৫ উইকেটত ১৬২ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই বেটিঙৰ আৰম্ভণিতে খহনীয়াৰ সন্মুখীন হয়। দলটোৰ ৬৮ ৰাণত ৫ টা উইকেট পৰে। দাচুন ছনাকা (৪৫) আৰু ৱানিন্দু হাচাৰঙ্গাই (২১) মাজৰ অভাৰকেইটাত অলপ চেষ্টা চলায়। শ্ৰীলংকাৰ স্পিনাৰক আউট কৰাৰ পিছত চামিকা কৰুণাৰত্নে দলটোক বিজয়লৈ লৈ যোৱাৰ বাবে যথাসাধ্য চেষ্টা কৰে।শেষত ২৩ ৰাণত অপৰাজিত হৈ থাকে যদিও দলক জয়ী কৰাত ব্যৰ্থ হয়। শ্ৰীলংকা দুই ৰাণত পৰাজিত হয়।