• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

টছত জয়লাভ কৰি হৰমনপ্ৰীতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। লেহেমীয়া উইকেটত এনে সিদ্ধান্ত নিঃসন্দেহে সাহসী। আৰম্ভণিতে বেটিঙৰ উপযোগী উইকেটটো পিছলৈ আৰু লেহেমীয়া হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2026 8:05 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেম্পিয়ন ভাৰতৰ সন্মুখত শ্ৰীলংকাই তিষ্ঠিবই নোৱাৰিলে। সমগ্ৰ খেলখনতে ভাৰতীয় মহিলা দলৰ আধিপত্য দেখিলে ক্ৰিকেট বিশ্বই। ফাইনেলত চামাৰী আটাপট্টুৰ দলক ৭২ ৰানত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে এছিয়া কাপ অৰ্জন কৰে হৰমনপ্ৰীত কৌৰৰ ভাৰতে।

প্ৰথমে বেটিং কৰি ভাৰতে স্মৃতি মান্ধনা আৰু শ্বেফালী বাৰ্মাৰ অৰ্ধশতকৰ সহায়ত ৫ উইকেটত ১৮৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ প্ৰত্যুত্তৰত শ্ৰীলংকাই ১১১ ৰান সংগ্ৰহ কৰিয়েই অল আউট হয়।

টছত জয়লাভ কৰি হৰমনপ্ৰীতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। লেহেমীয়া উইকেটত এনে সিদ্ধান্ত নিঃসন্দেহে সাহসী। আৰম্ভণিতে বেটিঙৰ উপযোগী উইকেটটো পিছলৈ আৰু লেহেমীয়া হৈ পৰে।

Apply Now

সেয়েহে ভাৰতীয় অধিনায়কগৰাকীয়ে পাৱাৰ প্লে’ত ডাঙৰ ৰানৰ ভেটি গঢ়িব বিচাৰিছিল। অ’পেনাৰ দুগৰাকীয়ে সেই কামটো কৰিলে। শ্বেফালী আৰু স্মৃতিয়ে আৰম্ভণিৰে পৰাই ধুমুহাৰ সৃষ্টি কৰিছিল। শ্ৰীলংকাৰ বলিঙৰ অভিজ্ঞতাৰ অভাৱ বুজি তেওঁলোকে পাৱাৰ প্লে’ৰ প্ৰতিটো মুহূৰ্তৰ সদ্ব্যৱহাৰ কৰিছিল। উঠাই বল মাৰিবলৈও কুণ্ঠাবোধ নকৰিলে। প্ৰথম ছয় অভাৰত আহে ৫৭ ৰান।

এই এছিয়া কাপত শ্বেফালী দুৰ্দান্ত ছন্দত আছে। পূৰ্বৰ মেচখনত ৬৪ ৰান কৰাৰ পিছত ফাইনেলতো তেওঁৰ বেটত একে আগ্ৰাসন দেখা গৈছিল। তেওঁ এটাৰ পিছত এটাকৈ ডাঙৰ শ্বট খেলিছিল। তেওঁ আৰু এটা অৰ্ধশতক অৰ্জন কৰে।

আনহাতে, হংকঙৰ বিৰুদ্ধে শতক অর্জন কৰাৰ পাছতো স্মৃতিৰ বেটত পিছৰ মেচবোৰত ডাঙৰ ৰান অহা নাছিল৷ অৱশ্যে ফাইনেলত তেওঁ সময় উলিয়াই ক্ৰীজত থিতাপি লয়। তাৰ পিছত তেওঁ গিয়াৰ সলনি কৰিলে। ১১ নং অভাৰত ভাৰতে ১০০ ৰান অতিক্ৰম কৰে। শ্বেফালীৰ পাছত স্মৃতিয়েও অৰ্ধশতক অৰ্জন কৰে।

সেই সময়ত এনে লাগিছিল যেন ভাৰতে সহজে ২০০ পাৰ হ’ব। কিন্তু হঠাৎ, ছন্দপতন ঘটিল। চামুণ্ডি প্ৰবোধৰ বলত চামাৰী আটাপট্টুৰ হাতত কেচ তুলি দি ৩৯টা বলত ৬৮ ৰান কৰি পেভলিয়নলৈ ওভতে শ্বেফালী। ১২৯ ৰানৰ অ’পেনিং যুটী ভাঙি গ’ল।

তিনি নম্বৰত নামি অহা হৰমনপ্ৰীত হৈ পৰিল স্মৃতিৰ ৰান আউটৰ কাৰণ। বলটো পোনে পোনে ফিল্ডাৰৰ ওচৰলৈ যোৱা দেখিও অধিনায়কে ৰান ল’ব বিচাৰিছিল। স্মৃতিয়ে তেওঁৰ কলৰ প্ৰতি সঁহাৰি জনাই ক্ৰীজ এৰি থৈ গ’ল। শেষত ৩৯টা বলত ৫৯ ৰান সংগ্ৰহ কৰি ঘূৰি আহিবলগীয়া হয় স্মৃতি।

হৰমনপ্ৰীতে নিজেও বেটিঙত তেনে প্ৰদৰ্শন কৰিব নোৱাৰিলে। চাৰি নম্বৰ স্থানত নমা ৰিচা ঘোষে দুটামান ডাঙৰ শ্বট খেলিলেও ইনিংছ আগবঢ়াই নিব নোৱাৰিলে। তেওঁ আটাপাট্টুৰ বলত ১৭ ৰান সংগ্ৰহ কৰি উভতিছিল। শেষৰ ফালে ক্ষীপ্ৰতাৰে কেইটামান উইকেট হেৰুৱাই ভাৰতে। হৰমনপ্ৰীত ১৪ ৰান, দীপ্তি শৰ্মা ৫ ৰাণত ৰান আউট হয়। শেষত ভাৰতে ১৮৩ ৰাণত ৰৈ যাব লগা হয়।

পূৰ্বৰ মেচবোৰত দেখা গৈছিল যে ডুবাইৰ এই খেলপথাৰত ১৫০ ৰানও সহজে অতিক্ৰম কৰিব নোৱাৰি। তাত ১৮৪ ৰানৰ লক্ষ্য আছিল পাহাৰৰ দৰে, আৰু সেয়া শ্ৰীলংকাৰ ইনিংছৰ আৰম্ভণিৰ পৰাই স্পষ্ট হৈ পৰিছিল। ক্ৰান্তি গৌড়াই চতুৰ্থটো বলতে ইমিছা দুলানীক আউট কৰে। আটাপট্টুৱে চেষ্টা কৰিলে। কিন্তু এজন অধিনায়কে অকলে কিমান দূৰলৈ নিব পাৰে? সিটো মূৰৰ পৰা প্ৰয়োজনীয় সহায় নাপালে।

ভাৰতীয় স্পিনাৰ অহাৰ পিছত পৰিস্থিতি অধিক কঠিন হৈ পৰে। শ্ৰীলংকাক একেৰাহে দুটা ডাঙৰ আঘাত দিলে দীপ্তি শৰ্মাই। বিশমি গুণৰত্নেক ২০ ৰান আৰু আটাপট্টুক ৩৬ ৰাণত আউট কৰে। ইয়াৰ পিছত কেইটামান কেচ আৰু ৰান আউটৰ সুযোগ নষ্ট নকৰিলে মেচখন বহু আগতেই শেষ হ’ব পাৰিলেহেঁতেন৷

All smiles in Dubai 😁

A dominating show by #TeamIndia as they beat Sri Lanka by 7⃣2⃣ runs to clinch their 8⃣th #WomensAsiaCup title 🏆

Scorecard ▶️ https://t.co/knKLXGSfOd #INDvSL pic.twitter.com/vwLmZZcUUD

— BCCI Women (@BCCIWomen) September 13, 2026

২০ অভাৰৰ শেষ বলত শ্ৰীলংকাৰ শেষ উইকেটটো পৰে। ভাৰতৰ হৈ শ্ৰীচৰণীয়ে চাৰিটা উইকেট দখল কৰে। দীপ্তিয়ে তিনিটা দখল কৰে। শ্বেফালী, ক্ৰান্তি আৰু প্ৰেমা ৰাৱটে এটাকৈ উইকেট পায়।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৮৩/৫ (শ্বেফালী ৬৮, স্মৃতি ৫৯, মিতালী ৩৩/১)

শ্ৰীলংকাঃ ১১১/১০ (আটাপট্টু ৩৬, নীলাক্ষী ২২, চৰাণী ২০/৪, দীপ্তি ১৯/৩)

ভাৰতে ৭২ ৰানত জয়লাভ কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd