কোহলিৰ ‘বিৰাট’ বিক্ৰম! অন্তিমখন টী-২০ত ইংলেণ্ডক বিধ্বস্ত কৰি ছিৰিজ জয় ভাৰতৰ

India beat England

ফটো সৌজন্য: বিচিচিআই।

শক্তিশালী ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিমখন টী-২০ মেচত দুৰ্দান্ত প্ৰদৰ্শনেৰে ভাৰতে ৩৬ৰাণত বিজয় সাৱ্যস্ত কৰে। গোটেই ছিৰিজটো উত্তেজনা পূৰ্ণ হিচাপে বিবেচিত হয় যদিও স্নায়ু যুঁজত ভাৰতেই শেষ হাঁহি মাৰিলে।

এই বিজয়ৰ জৰিয়তে ভাৰতে টী-২০ ছিৰিজিটো ৩-২ব্যৱধানত হস্তগত কৰে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত শনিবাৰে পুনৰ টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰিবলগীয়া হয় বিৰাট বাহিনী।

বেটিং কৰিবলৈ নামিয়েই চমক দেখুৱাবলৈ সক্ষম হয় ভাৰতে। ৰোহিত শৰ্মাৰ সৈতে অপেনিং কৰে স্বয়ং অধিনায়ক বিৰাট কোহলিয়ে।

ৰোহিত-বিৰাটৰ যুটীত ভাৰতে প্ৰথম ৯ অভাৰতে ৯৪ৰাণ সংগ্ৰহ কৰে। ৰোহিতে তেওঁৰ স্বভাৱসিদ্ধ বেটিঙেৰে ৩৪টা বলত ৬৪ৰাণ কৰে।

ৰোহিত আউট হ’লেও ইপিনে বিৰাট কোহলি ৮০ৰাণৰ অনবদ্য ইনিংছ খেলি অপৰাজিত হৈ ৰয়।

আনহাতে, ১৭টা বলত ৩৯ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে হাৰ্দিক পাণ্ডিয়াই। সেইদৰে ১৭ টা বলত ৩২ ৰাণৰ আন এক চমকপ্ৰদ ইনিংছ খেলে সূৰ্যকুমাৰ যাদবেও।

ভাৰতে নিৰ্দ্ধাৰিত ২০ অভাৰত দুটা উইকেট হেৰুৱাই ২২৪ৰাণ সংগ্ৰহ কৰে।

আনহাতে, ২২৫ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি খেলিবলৈ নামিয়েই বিপৰ্যয়ৰ সন্মুখীন হয় ইংলেণ্ড। শূন্য ৰাণতে পেভলিয়নলৈ উভতিবলগীয়া হয় জেছন ৰয়।

ইয়াৰ পাছতে বাটলাৰ আৰু মালানে আক্ৰমণৰ দায়িত্ব কান্ধ পাতি লয় আৰু ১৩০ৰাণৰ এক দুৰ্দান্ত পাৰ্টনাৰশ্বিপ গঢ়ি তোলে। এই সময়ছোৱাত ইংলেণ্ডে অনায়াসে মেচ জিকিব বুলি ভৱা হৈছিল।

কিন্তু ৫২ৰাণত বাটলাৰক পেভলিয়নলৈ পঠিয়াই ভুৱনেশ্বৰ কুমাৰে খেলৰ গতি সলনি কৰি দিয়ে। ইয়াৰ পাছত অলপ সময়ৰ ব্যৱধানতে ইংলেণ্ডে বেয়াৰষ্টো, মালান আৰু মৰ্গানৰ উইকেট হেৰুৱায়।

অনিতম চাৰি অভাৰত ইংলেণ্ডক বিজয়ৰ বাবে ৮১ৰাণৰ প্ৰয়োজন হৈছিল যদিও সেই লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

টীম ইণ্ডিয়াই মেচখনত ৩৬ৰাণত বিজয় সাৱ্যস্ত কৰি ৫খনীয়া ছিৰিজটো ৩-২ব্যৱধানত দখল কৰে।