• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভোট চুৰি’ৰ অভিযোগত ইণ্ডিয়া মিত্ৰজোঁটৰ ৩০০ সাংসদে আজি ঘেৰাও কৰিব নিৰ্বাচন আয়োগৰ কাৰ্যালয়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 11, 2025 11:38 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি (সোমবাৰে) পুৱা ১১:৩০ বজাত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ব্লকৰ প্ৰায় ৩০০ সাংসদে সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ পদযাত্ৰা কৰিব। বিজেপিৰ সুবিধাৰ বাবে ভোটাৰ তালিকাৰ জালিয়াতি আৰু বিভিন্ন প্ৰৱঞ্চনাৰ জৰিয়তে আয়োগে ‘ভোট চুৰি’ কৰি থকা বুলি অভিযোগ উত্থাপন হৈছে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে নেতৃত্ব দিব এই পদযাত্ৰাৰ।

মূলতঃ নিৰ্বাচনমুখী বিহাৰত চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াত (এছআইআৰ) ভোটাৰ তালিকা পুনৰীক্ষণৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তিকে কেন্দ্ৰ কৰি এই প্ৰতিবাদ। ভোটাৰ তালিকাত ইচ্ছাকৃতভাৱে একাংশ লোকক ভোটাধিকাৰ বঞ্চিত কৰাৰ লগতে ভুৱা নাম সংযোজন কৰাৰ অভিযোগ উত্থাপন কৰিছে।

Apply Now

কংগ্ৰেছে দাবী কৰিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনকে ধৰি কেইবাটাও নিৰ্বাচনত বিজেপিয়ে এই ভোটাৰ তালিকাৰ জালিয়াতিৰ জৰিয়তে জয়লাভ কৰিছে।

অৱশ্যে দিল্লী আৰক্ষীয়ে জনোৱা মতে, দেওবাৰলৈকে এই পদযাত্ৰাৰ বাবে ইণ্ডিয়া ব্লকৰ পৰা কোনো অনুমতিৰ আৱেদন লাভ কৰা নাই। সংসদ ভৱন আৰু নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয় ‘নিৰ্ৱাচন সদন’ৰ মাজৰ দূৰত্ব প্ৰায় দুই কিলোমিটাৰ। বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ পিছত সংসদৰ বাহিৰত বিৰোধীৰ এয়া প্ৰথম যৌথ কাৰ্যসূচী।

ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছে, “ভোট চুৰি হৈছে ‘এজন ব্যক্তি, এজন ভোট’ৰ মৌলিক ধাৰণাটোৰ ওপৰত আক্ৰমণ। এটা নিকা আৰু নিৰপেক্ষ নিৰ্বাচনৰ বাবে সঠিক ভোটাৰ তালিকা অতি প্ৰয়োজনীয়। আমাৰ দাবী স্পষ্ট – নিৰ্বাচন আয়োগে স্বচ্ছভাৱে ডিজিটেল ভোটাৰ তালিকা প্ৰকাশ কৰিব লাগে, যাতে দল আৰু সাধাৰণ মানুহে ইয়াক পৰীক্ষা কৰিব পাৰে।”

ইতিমধ্যে কংগ্ৰেছে ‘ভোট চুৰি’ৰ বিৰুদ্ধে অনলাইন অভিযান আৰম্ভ কৰিছে, য’ত সাধাৰণ মানুহক নিৰ্দিষ্ট পৰ্টেল আৰু ফোন নম্বৰৰ জৰিয়তে যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছে।

ইপিনে, কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াই ৰাহুল গান্ধীলৈ পত্ৰ লিখি বিগত বৰ্ষৰ লোকসভা নিৰ্বাচনত এজন ভোটাৰে দুগুণ ভোটদান কৰাৰ অভিযোগৰ প্ৰমাণ দাখিল কৰিবলৈ অনুৰোধ জনাইছে। শেহতীয়াকৈ গান্ধীয়ে সংবাদমেলযোগে দাবী কৰিছিল যে বেংগালুৰু কেন্দ্ৰীয় মহাদেৱপুৰা সমষ্টিৰ ভোটাৰ শকুন ৰাণীয়ে দুবাৰকৈ ভোটদান কৰাৰ লগতে ভোটাৰ আইডি কাৰ্ডত ভোটগ্ৰহণ কেন্দ্ৰৰ কৰ্মচাৰীৰ পৰা টিক মাৰ্ক আছে।

वोट चोरी ‘एक व्यक्ति, एक वोट’ के बुनियादी लोकतांत्रिक सिद्धांत पर हमला है।

स्वतंत्र और निष्पक्ष चुनावों के लिए साफ़-सुथरी मतदाता सूची अनिवार्य है।

चुनाव आयोग से हमारी मांग साफ़ है – पारदर्शिता दिखाएं और डिजिटल मतदाता सूची सार्वजनिक करें, ताकि जनता और राजनीतिक दल उसका खुद ऑडिट… pic.twitter.com/BIahCz2YBb

— Rahul Gandhi (@RahulGandhi) August 10, 2025

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে সেই সমষ্টিটোত মুঠ ৬.৫ লাখ ভোটৰ ভিতৰত এক লাখতকৈ অধিক ভোট ভুৱা। কংগ্ৰেছৰ এক আভ্যন্তৰীণ সমীক্ষাত ১১,৯৬৫ জন দ্বৈত ভোটাৰ, ৪০,০০৯ জনৰ ভুৱা বা অবৈধ ঠিকনা, ১০,৪৫২ জন ‘বাল্ক ভোটাৰ’ একে ঠিকনাতে, ৪,১৩২ জন অবৈধ ফটো আৰু ৩৩,৬৯২ জন ভোটাৰে ফৰ্ম-৬ৰ অপব্যৱহাৰ কৰি নতুনকৈ নাম পঞ্জীয়ন কৰিছে।

সোমবাৰৰ এই পদযাত্ৰাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বিজেপি আৰু আয়োগক পোনপটীয়াকৈ আক্ৰমণ কৰি বিৰোধীৰ বাৰ্তা হৈছে “এই যুঁজখন গণতন্ত্ৰক ৰক্ষা কৰা।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd