কাৰ হ’ব চৰকাৰ? ফলাফল ওলোৱাৰ পূৰ্বে ১ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ জৰুৰী বৈঠক!

অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। আকৌ এবাৰ মোডী চৰকাৰ নে সকলো হিচাপ-নিকাচ ওলোটা হ’ব এইবাৰ? সলনি হ’ব ভোটৰ সমীকৰণ? ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰে গঠন কৰিবনে? দেশজোৰা ৭ পৰ্যায়ৰ  ভোটগ্ৰহণত কাৰ ফালে ঢাল খালে জনসাধাৰণৰ ৰায়?

অহা ৪ জুনত ইভিএমত বন্দী যুদ্ধংদেহী বিজেপি-ইণ্ডিয়া মিত্ৰজোঁটৰ ভাগ্য স্পষ্ট হ’ব। কিন্তু তাৰ আগতে ইণ্ডিয়া মিত্ৰজোঁটে ১ জুনত জৰুৰী বৈঠক আহ্বান কৰিছে।

লগতে পঢ়কঃ পুনৰ জিভা পিছলিল মুখ্যমন্ত্রী নীতিশ কুমাৰৰ; ক’লে ‘আমি বিচাৰো মোডীজী পুনৰ মুখ্যমন্ত্রী হওক’

১ জুনত ইণ্ডিয়া মিত্ৰজোঁটৰ আহ্বানত অনুষ্ঠিত হ’ব সৰ্বদলীয় বৈঠক। বিৰোধী মিত্ৰজোঁটত অংশগ্ৰহণ কৰা সকলো দলকে বৈঠকত উপস্থিত থাকিবলৈ কোৱা হৈছে। এই বৈঠক ৰাজধানী দিল্লীত অনুষ্ঠিত হ’ব।

মন কৰিবলগীয়া যে ১ জুনত সাতটা পৰ্যায়ৰ ভোটদানৰ অন্তিম পৰ্যায়। সূত্ৰ অনুসৰি নিৰ্বাচনৰ ফলাফলৰ ৪ দিন পূৰ্বে এই বৈঠক নিঃসন্দেহে তাৎপৰ্যপূৰ্ণ। মিত্ৰজোঁটৰ পৰৱৰ্তী পদক্ষেপৰ গুৰুত্বপূৰ্ণ নীতিৰ সিদ্ধান্ত এই বৈঠকতে লোৱা হ’ব।

লগতে পঢ়কঃ ঘূৰ্ণীবতাহ ৰেমালৰ তাণ্ডৱ! বংগত ধ্বংস বহু গছ-ঘৰ; অসমৰ ৭খন জিলাতো ধুমুহা-বৰষুণৰ আগজাননী

উল্লেখ্য যে এই বৈঠকৰ বিষয়ে আৰু এটা কথা মন কৰিবলগীয়া যে অৰবিন্দ কেজৰিৱাল পুনৰ তিহাৰ জেললৈ ঘুৰি যোৱাৰ এদিন আগতে এই সভা আহ্বান কৰা হৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এতিয়া অন্তৱৰ্তীকালীন জামিনত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। আবকাৰী গোচৰত ইডিয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিছে যদিও ২ জুনত তেওঁ পুনৰ আত্মসমৰ্পণ কৰিব লাগিব।