• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ভাৰত হ’ব পাৰে কুৰ্দ জাতিৰ মিত্ৰ দেশ”

এন ই নাও নিউজ by এন ই নাও নিউজ
December 2, 2019 8:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ গণতন্ত্ৰ, ভিন্নতাৰ মাজত একতা, জাতিগত পৰিচয়ক সন্মান জনাই পশ্চিম এছিয়াৰ সংগ্ৰামৰত  কুৰ্দ জাতিৰ যুৱ প্ৰতিনিধি ডিয়াৰি খালিড মাৰীফে কুৰ্দ সকলৰ বাবে মিত্ৰ দেশ বুলি অভিহিত কৰে হিন্দু প্ৰধান এই
দেশখনক। কুৰ্দ জাতিয়ে ইছলামকে আদি কৰি বিভিন্ন ধৰ্মাৱলম্বী লোকক  সামৰি লোৱা বুলি উল্লেখ কৰি মাৰীফে দাবী কৰে যে তেওঁলোকৰ বাবে জাতিৰ পৰিচয় সদায় আগত।

গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য সাংবাদিকৰে ৩০ নৱেম্বৰৰ সন্ধিয়া  ভিডিঅ’ কনফাৰেন্স যোগে হোৱা এক বাৰ্তালাপত মাৰীফে কয় যে বহুদশকজুৰি নিপীড়িত হৈ থকাৰ পাছতো কুৰ্দ সকলে ধৰ্মীয় মৌলবাদক  প্ৰশ্ৰয় দিয়া নাই। বৰঞ্চ মুছলিম প্ৰধান কুৰ্দসকলে আইছিছৰ দৰে সন্ত্ৰাসবাদী সংগঠনক প্ৰতিৰোধ কৰি আহিছে।

Apply Now

চাৰিখন মুছলিম প্ৰধান ৰাষ্ট্ৰ তুৰ্কী, ইৰাণ, ইৰাক আৰু চিৰিয়াত অত্যন্ত প্ৰতিকূল পৰিবেশত সংগ্ৰাম চলাই যোৱা কুৰ্দ সকলৰ অন্য এক বৈশিষ্ট্য হ’ল নাৰীৰ প্ৰতি যথোচিত সন্মান। সেয়ে যি সময়ত আইছিছে  নাৰীক ভোগ্যসামগ্ৰী
ৰূপে ব্যৱহাৰ কৰে তেনে সময়তে কুৰ্দসকলৰ সশস্ত্ৰ মহিলা গোটো আছে।

এখন সন্মিলিত স্বাধীন কুৰ্দিস্তানৰ বাবে সংগ্ৰাম চলাই অহা কুৰ্দসকলে এতিয়া আশা কৰে ভাৰতৰ দীৰ্ঘকালীন সহযোগ। ভাৰতৰ দৰে এখন সমৃদ্ধ, এখন দেশৰ নাগৰিকে সমৰ্থন জনালে মুক্তিকামী কুৰ্দসকলৰ সপোন সফল হোৱাটো নিশ্চিত, এয়া মাৰিৰ মন্তব্য।

কিছুবছৰ আগতে পুনে বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পন্ন কৰা মাৰীফে অপকটে স্বীকাৰ কৰে যে  সহনশীলতা, সংখ্যালঘুৰ প্ৰতি সন্মান আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ আদিপাঠ  তেওঁ
এই ভূখণ্ডৰ পৰাই  শিকিছে।

অন্যএক প্ৰসংগত মাৰীফে কাশ্মীৰৰ মুছলমান সকলৰ প্ৰতি সমবেদনা দেখুওৱা তুৰ্কীক কটাক্ষ কৰি কয় যে  তেওঁলোকে মুছলমান কুৰ্দ সকলক নিৰ্বিবাদে অত্যাচাৰ কৰি আহিছে। অলপতে তুৰ্কীৰ এনে অমানৱীয় পদক্ষেপক কটু সমালোচনা কৰিছে ভাৰত চৰকাৰে আৰু সেয়ে মাৰীফে আশাকৰে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে  আন্তৰ্জাতিক পৰ্যায়তো লাঞ্চিত কুৰ্দসকলৰ পক্ষ ল’ব।

স্বাভিমানি কুৰ্দ জাতিয়ে ইয়াৰ প্ৰতিদান সময়ত নিশ্চয়  দিব বুলিও মাৰীফে দাবী কৰে। সংকট কালতো নিজৰ ভাষা আৰু স্বকীয়তা ৰক্ষাৰ বাবে কুৰ্দসকলে অহৰহ চেষ্টা কৰি গৈছে। ইন্টাৰনেট, টেলিভিছনৰ জৰিয়তে নিজৰ সংস্কৃতিৰ সম্প্ৰচাৰ আৰু সংৰক্ষণত জোৰ দিয়া কুৰ্দসকলে বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ জাতিসত্তাৰ  ভাষা-সংস্কৃতিৰ ৰক্ষাৰ আদৰ্শ হিচাপে পৰিগণিত হৈছে। দেশবিহীন হৈয়ো এটা জাতিয়ে কি দৰে স্বকীয় বৈশিষ্ট্য বজাই ৰাখিব পাৰে  তাৰ উৎকৃষ্ট উদাহৰন ৰূপে স্বীকৃত হৈছে নিৰন্তৰ সংগ্ৰামী কুৰ্দসকল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd