T-20 World Cup: বৰষুণৰ বাবে বাতিল ভাৰত-কানাডাৰ মেচ; অপৰাজিত থাকিয়েই ছুপাৰ এইটলৈ ৰোহিত বাহিনী

অৱশেষত আশংকা কৰাটোৱেই সঁচা হ‘ল। বৰষুণত খেলপথাৰ তিতি থকাৰ বাবে ল’ডাৰহিলত অনুষ্ঠিত ভাৰত বনাম কানাডাৰ খেলখন পৰিত্যক্ত হৈ পৰে। বৰষুণৰ ফলত ‘এ’ গ্ৰুপৰ অন্তিমখন খেলত বাধা আহি পৰে। কিন্তু টী-২০ বিশ্বকাপ ২০২৪ৰ লীগ তালিকাত কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাই।

গ্ৰুপ পৰ্যায়ত অপৰাজিত থাকি শেষ কৰি ৪খন মেচৰ পৰা ৭ পইণ্ট লাভ কৰি  ছুপাৰ এইটত নামিব ৰোহিতৰ দলে। দ্বিতীয় স্থানত থকা আমেৰিকাৰ ৫ পইণ্ট। যোৱা শুকুৰবাৰে বিশ্বকাপত আয়াৰলেণ্ডৰ বিৰুদ্ধে তেওঁলোকৰ খেলখনো বাতিল হৈছিল। ফলত পাকিস্তানে গ্ৰুপ পৰ্যায়ৰ পৰাই আঁতৰি আহিবলগীয়া হয়।

বৰষুণৰ বাবে ৰোহিত বাহিনী আগতে অনুশীলনতো নামিব নোৱাৰিলে। তেতিয়াৰ পৰাই মেচ আয়োজনক লৈ প্ৰশ্নবোধক চিহ্ন হৈ আহি পৰিছিল। কাৰণ ষ্টেডিয়ামৰ পৰা ৪০ মিনিট দূৰত্বত থকা অঞ্চলটো বাস্তৱিকতে বানত বুৰ গৈছে। তদুপৰি ল’ডাৰহিলৰ নিষ্কাশন ব্যৱস্থাটো একেবাৰেই উন্নত নহয়। যিটো আমেৰিকাৰ মেচৰ ক্ষেত্ৰতো দেখা গৈছে। দুঘণ্টামান আগতে বৰষুণ বন্ধ হ’লেও খেলপথাৰৰ পৰা পানী আঁতৰাব পৰা নাছিল।

অনুৰাগীৰ সৈতে বিৰাট কোহলী। ফটো সৌজন্যঃ আইচিচি।

দেওবাৰেও একেই ঘটনা। ৰোহিত আৰু বিৰাটৰ দলৰ ক্ৰেকেটাৰসকলপৰ মুখবোৰ মাজে মাজে দেখা গৈছিল। অৱশ্যে উদ্বেগৰ কাৰণ নাছিল। বাহিৰৰ আকাশৰ ক’লা ডাৱৰ টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত সোমাব পৰা নাছিল। তেওঁলোকে সহজেই আয়াৰলেণ্ড আৰু আমেৰিকাক পৰাস্ত কৰিছে। পাকিস্তানৰ বিৰুদ্ধেও সঠিক সময়ত উজলি উঠিছিল বলাৰসকল।

বৰষুণ অৱশ্যে ধাৰাসাৰ দি থকা নাছিল। কিন্তু আউটফিল্ডখন তিতি গৈছিল। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত মেচৰ কৰ্মকৰ্তাসকলে পৰিদৰ্শন কৰে। ৰাতি ৯ বজাত পুনৰ পৰীক্ষা কৰা হয়। চাৰিটা ব্ল’ৱাৰেৰে খেলপথাৰখন শুকোৱাৰ চেষ্টা কৰা হৈছিল। কিন্তু সকলো প্ৰচেষ্টা বিফল হ’ল। খেলখনৰ আনুষ্ঠানিক বাতিল ঘোষণা কৰাৰ পাছতে বিৰাট-ৰোহিতে খেলপথাৰলৈ নামি আহি কানাডাৰ ক্ৰিকেটাৰসকলৰ সৈতে হাত মিলাইছিল।

অনুৰাগীৰ সৈতে ক্ৰিকেটাৰৰ ছেল্ফি। ফটো সৌজন্যঃ আইচিচি।

কিন্তু ভাৰতৰ বাবে এই অনুশীলনৰ অৰ্থ বেলেগ হ’ব পাৰিলেহেঁতেন। বিৰাট কোহলী এতিয়াও বিশ্বকাপৰ শ্ৰেষ্ঠ ছন্দত নাই। তিনিখন মেচত ৰান সংখ্যা ১, ৪, ০। টিী-২০ বিশ্বকাপত তেওঁৰ ইমান বেয়া সময় কেতিয়াও যোৱা নাই। কিন্তু কোৱা বাহুল্য যে কোহলীৰ ফৰ্মলৈ ঘূৰি অহাৰ বাবে সময় অপেক্ষা কৰি আছে। সেই মুহূৰ্তটো কানাডাৰ মেচতে হ’ব পাৰিলেহেঁতেন।

তদুপৰি, অধিনায়ক ৰোহিত শৰ্মাইও প্ৰথমখন মেচত অৰ্ধশতক অৰ্জনৰ পিছত বেট খুলিব পৰা নাই। এই মেচখন আছিল সেই ভুলবোৰ শুধৰণিৰ সুযোগ। কিন্তু বৰষুণত বন্ধ হৈ গ’ল। ফলত গ্ৰুপ পৰ্যায়ত অপৰাজিত হোৱাৰ সাফল্য আৰু কেইটামান প্ৰশ্নবোধক চিহ্নৰে আৰম্ভ হ’ব ৰোহিত বাহিনীৰ ছুপাৰ এইট অভিযান। ২০ জুনত আফগানিস্তানৰ লগত তাৰ পৰীক্ষা হব।