• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 12:50 pm

1 min read

India-China border in sikkim

ছিকিমৰ ভাৰত-চীন সীমান্ত। ফাইল ফটো।

218
VIEWS
Share on FacebookShare on Twitter

পুনৰ চীনা সৈনিকৰ আগ্ৰাসী মনোভাৱ পোহৰলৈ আহিছে। ছিকিম সীমান্তৰ নাকু লাত ভাৰতীয় সেনাৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে চীনৰ সেনা।

বাতৰি অনুসৰি, তিনিদিন পূৰ্বে সংঘটিত এই সংঘৰ্ষত ২০জন চীনৰ সেনা আহত হৈছে। চীনা সৈনিকৰ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ যোৱাৰ সময়তে দুয়োপক্ষই সংঘৰ্ষত জড়িত হৈ পৰা বুলি কোৱা হৈছে।

ভাৰতীয় সেনাই জানিবলৈ দিয়া মতে চীনৰ সেনাই নাকু লা সীমান্তত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল। ভাৰতীয় সৈনাই বাধা দিয়াৰ সময়তে সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু সংঘৰ্ষত ২০জন চীনা সেনা আহত হয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সংৰ্ঘষত ভাৰতীয় সেনাও আহত হৈছে। কমেও চাৰিজন ভাৰতীয় সেনা আহত হোৱা বুলি কোৱা হৈছে।

অৱশ্যে, ভাৰতীয় সেনাই চীনা সৈন্যক পিছুৱাই যাবলৈ বাধ্য কৰে। সোমবাৰে ভাৰতীয় সেনাই জানিবলৈ দিয়া মতে নাকু লা সীমান্তত বৰ্তমান পৰিস্থিতি শান্ত হৈ পৰিছে।

বিগত নমাহ ধৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বিৰাজ কৰি আছে। ইয়াৰ মাজতে দেওবাৰে  ভাৰতীয় সেনা আৰু চীনৰ সেনাৰ মাজত নৱম লানি বৈঠক অনুষ্ঠিত হয়।

বাতৰি অনুসৰি, দেওবাৰে পুৱা ১০বজাৰ পৰা আৰম্ভ হোৱা ক’ৰ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকখন সোমবাৰে নিশা আঢ়ৈ বজাত সমাপ্ত হয়। একেৰাহে প্ৰায় ১৫ ঘন্টা ধৰি মাৰাথন বৈঠক চলে।

জানিব পৰা মতে এই বৈঠকত ভাৰতে চীনৰ আগত সম্পূৰ্ণ ডিছএনগেজমেন্টৰ দাবী তোলে।

Recent News

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

index.jpgaa

শিৱসাগৰত দিনজোৰা কাৰ্যসূচীৰে বীৰ চিলাৰায়ৰ ৫১১ সংখ্যক জন্ম জয়ন্তী পালন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd