NORTHEAST NOW (Assamese)

মুকলি হ’ল ‘ঐতিহাসিক’ নাথু লা; বাণিজ্যিক পথত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি ভাৰত-চীনৰ!

August 2, 2026 8:49 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰত-চীনে দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শনিবাৰে পূব ছিকিমৰ ১৪ হাজাৰ ফুটতকৈও অধিক উচ্চতাৰ নাথু লা পাছৰ মাজেৰে দুয়োখন দেশৰ মাজত ঐতিহাসিক সীমান্ত বাণিজ্য পুনৰ আৰম্ভ হয়।

কোভিড মহামাৰীৰ বাবে সেই প্ৰাচীন পথত ছবছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বন্ধ হৈ আছিল। শনিবাৰে এই অনুষ্ঠানত ভাৰত আৰু চীনৰ বিষয়াসকল উপস্থিত থাকে। কূটনৈতিক পৰ্যায়ত এই অনুষ্ঠানক দুয়োখন চুবুৰীয়া দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দেখা গৈছে।

ছিকিমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী টি টি ভুটিয়াই এই অনুষ্ঠান উদ্বোধন কৰে। প্ৰসংগক্ৰমে ১৯৬২ চনত ভাৰত-চীন যুদ্ধৰ পিছত চাৰি দশকৰো অধিক সময় ধৰি নাথু লা পাছৰ জৰিয়তে বাণিজ্য বন্ধ হৈ আছিল। ২০০৬ চনত এই বাণিজ্যিক পথ মুকলি কৰা হৈছিল। ক’ৰোনা মহামাৰীৰ বাবে ২০২০ চনত পুনৰ বন্ধ হৈ পৰিছিল। ছিকিমৰ এই ছিল্ক ৰুট লাছাৰ পৰা চুম্বি উপত্যকা আৰু নাথু-লা পাছৰ মাজেৰে তামৰালিপ্তা বন্দৰ অৰ্থাৎ বৰ্তমানৰ তামলুকলৈকে গৈছে।

এই অনুষ্ঠানতে ছিকিমৰ বাণিজ্য আৰু উদ্যোগ সচিব কৰ্মা ডোমা য়ুটছ’ই কয় যে চলিত বৰ্ষৰ ৩০ নৱেম্বৰলৈকে বাণিজ্য চলি থাকিব। দৈনিক ৬০খন সামগ্ৰী ভৰ্তি বাহন চলাচল কৰিব। ফলত বাণিজ্যৰ সমান্তৰালকৈ পৰ্যটন উদ্যোগতো উন্নতি হ’ব৷

নাথুলা সীমান্ত ব্যৱসায়ী কল্যাণ সন্থাৰ সাধাৰণ সম্পাদক অনিল কুমাৰ গুপ্তাই কয় যে কোভিড-১৯ মহামাৰীৰ বাবে ২০১৯ চনৰ পৰা বাণিজ্য পথটো বন্ধ হৈ আছে। ইয়াৰ পূৰ্বে প্ৰায় ৪০০ ব্যৱসায়ীয়ে সীমান্ত বাণিজ্যত অংশগ্ৰহণ কৰিছিল। এইবাৰো একে সংখ্যক ব্যৱসায়ীক অনুমতি দিয়া হ’ব বুলি আশা কৰা হৈছে।

ছিকিমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী টি টি ভুটিয়াই কয় যে ছিকিমৰ প্ৰায় ৫০০ ব্যৱসায়ীয়ে ইয়াৰ মুকলিৰ জৰিয়তে লাভৱান হ’ব। সীমান্ত অৰ্থনীতিৰ ফলত স্থানীয় বাণিজ্য আৰু কৰ্মসংস্থাপন বৃদ্ধি পাব। পৰম্পৰাগতভাৱে এই প্ৰাচীন ছিল্ক ৰুটত প্ৰতি বছৰে মে’ৰ পৰা নৱেম্বৰ মাহলৈকে প্ৰায় ছমাহ ধৰি ব্যৱসায় চলি থাকে। এই পথেৰে তিব্বতৰ পৰা কেঁচা ৰেচম, ঊল, য়াকৰ নোম আৰু মাটিৰ সামগ্ৰী ভাৰতলৈ আহে।

জানিব পৰা মতে, ২০২৫ চনৰ আগষ্ট মাহত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মাজত অনুষ্ঠিত ‘বিশেষ প্ৰতিনিধি’ পৰ্যায়ৰ আলোচনাৰ ফলত তিনিটা নিৰ্দিষ্ট পাছৰ জৰিয়তে সীমান্ত বাণিজ্য পুনৰুদ্ধাৰ কৰাৰ চুক্তি হয়— ছিকিমৰ নাথু লা, হিমাচল প্ৰদেশৰ শিপকি লা আৰু উত্তৰাখণ্ডৰ লিপুলেখ।

ইয়াৰ পিছত কূটনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে আন্তঃগাঁথনিৰ বিষয়ত আলোচনা কৰিবলৈ ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ২০২৬ চনৰ ২৭ জুলাইত চীন ভ্ৰমণ কৰি সেই দেশৰ উপ-মন্ত্ৰী ছুন হাইয়ানৰ সৈতে সাক্ষাৎ কৰে।  তাৰপিছতে কাৰ্যকৰীভাৱে চীন সীমান্তত বাণিজ্যিক আন্তঃগাঁথনি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।

Related News