ভাৰতীয় ক্ৰিকেটৰ তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিন তেওঁৰ স্পষ্টবাদিতাৰ বাবে সদায় পৰিচিত। আনৰ কথাত সহজে হয়ভৰ নিদি নিজৰ মতত অটল থকা অশ্বিনে পুনৰ এক ব্যতিক্ৰমী সিদ্ধান্তৰে ক্ৰীড়ামহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। শেহতীয়াকৈ তেওঁ ২০২৭ চনৰ বিশ্বকাপৰ বাবে নিজৰ পছন্দৰ দল এটা বাছনি কৰিছে, যিয়ে সকলোকে আচৰিত কৰি তুলিছে। বৰ্তমানৰ বহু কেইগৰাকী তাৰকা খেলুৱৈক দলৰ পৰা বাদ দিয়াৰ বিপৰীতে, দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় দলৰ পৰা উপেক্ষিত হৈ থকা এজন বেগী বলাৰক তেওঁ নিজৰ দলত স্থান দিছে।
‘ইএছপিএন ক্ৰিকইনফ’ৰ ইউটিউব চেনেলৰ এক ভিডিঅ’ত অশ্বিনে নিজৰ পছন্দৰ বিশ্বকাপ দলটো প্ৰকাশ কৰে। অনুষ্ঠানটোত তেওঁক এজন এজনকৈ ক্ৰিকেটাৰৰ নাম কোৱা হৈছিল আৰু তেওঁ তেওঁলোকক তিনিটা ভাগত বিভক্ত কৰে। প্ৰথম ভাগত ৰাখিছে যিসকলে নিশ্চিতভাৱে বিশ্বকাপ খেলিব। দ্বিতীয় ভাগত ৰাখিছে সেইসকলক, যিসকলে সুযোগ পাবও পাৰে, বা নাপাবও পাৰে। আনহাতে তৃতীয় ভাগত ৰাখিছে সেইসকলক, যিসকলে এইবাৰৰ বিশ্বকাপ নেখেলে।
শুভমন গিল, বিৰাট কোহলি, ৰোহিত শৰ্মাহঁত অশ্বিনৰ দলৰ প্ৰথম তালিকাত আছে। যশস্বী জয়ছোৱাল, মহম্মদ ছামি, ৰবীন্দ্ৰ জাদেজাক তেওঁ দ্বিতীয় ভাগত ৰাখিছে। অৰ্থাৎ, তেওঁলোকে সুযোগ পাবও পাৰে, নাপাবও পাৰে।
আচৰিত কথাটো হ’ল, অশ্বিনৰ দলত নাই ঋষভ পন্ত, সঞ্জু চেমচন, বৈভৱ সূৰ্যবংশীৰ দৰে খেলুৱৈ। লগতে ৱাশ্বিংটন সুন্দৰ, অভিষেক শৰ্মা, ৰবি বিষ্ণৈ, শিৱম ডুবেৰ দৰে ক্ৰিকেটাৰকো তেওঁ ৰখা নাই। কিন্তু আটাইতকৈ ডাঙৰ চমকটো হ’ল তেওঁৰ দলত স্থান পাইছে ভুবনেশ্বৰ কুমাৰে।
২০২২ চনৰ নৱেম্বৰ মাহত শেষবাৰৰ বাবে ভাৰতৰ জাৰ্চী পিন্ধি খেলিছিল ভুবনেশ্বৰে। তাৰ পিছৰ পৰাই তেওঁ দলৰ পৰা উপেক্ষিত। অথচ এইবাৰ আই পি এলতো তেওঁ দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল। অশ্বিনে ভাবে যে ২০২৭ চনৰ বিশ্বকাপ আয়োজন কৰিবলগীয়া দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াৰ খেলপথাৰত ভুবনেশ্বৰ ভাৰতৰ ডাঙৰ অস্ত্ৰ হ’ব পাৰে। অৱশ্যে ৰবিচন্দ্ৰন অশ্বিনে অনুষ্ঠানটোত ব্যক্ত কৰাৰ দৰে দলটো গঠন হ’ব নে আনুষ্ঠানিক তালিকাত সালসলনি হয়, সেয়া লক্ষণীয় হ’ব।
অশ্বিনে বাছনি কৰা বিশ্বকাপৰ দলটোৰ তালিকা:
যিসকল নিশ্চিতভাৱে আছে: শুভমন গিল, বিৰাট কোহলি, ৰোহিত শৰ্মা, শ্ৰেয়াস আয়াৰ, লোকেশ ৰাহুল, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, অক্সৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, হৰ্ষিত ৰাণা, ভুবনেশ্বৰ কুমাৰ।
যিসকল থাকিব পাৰে, নাথাকিবও পাৰে: যশস্বী জয়ছোৱাল, ৰুতুৰাজ গায়কোৱাড়, বৰুণ চক্ৰৱৰ্তী, ৰবীন্দ্ৰ জাদেজা, নীতিশ কুমাৰ ৰেড্ডী, মহম্মদ ছামি, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা।
যিসকল একেবাৰেই নাই: ঋষভ পন্ত, ৱাশ্বিংটন সুন্দৰ, সঞ্জু চেমচন, বৈভৱ সূৰ্যবংশী, অভিষেক শৰ্মা, ৰবি বিষ্ণৈ, শিৱম ডুবে, প্ৰিন্স যাদৱ, গুৰনুৰ ব্ৰাৰ।





