NORTHEAST NOW (Assamese)

ইণ্ডিয়া মিত্ৰজোঁটৰ উত্থান!দুবছৰৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত শ্বেয়াৰ বজাৰ

June 4, 2024 1:23 pm · নৰ্থ ইষ্ট নাও অসমীয়া
Updated: June 4, 2024 2:31 pm

লোকসভা নিৰ্বাচনৰ ফলাফলে সকলো এগজিট প’ল ভুল প্ৰতিপন্ন কৰাৰ লগে লগে পুৱা শ্বেয়াৰত দুৰ্যোগৰ সূচনা হয়। এই ঘটনাক শ্বেয়াৰ বজাৰৰ ব্যৱসায়ীসকলে ‘ৰক্তস্নান’ বুলি অভিহিত কৰিছে। যোৱা ২ বছৰত দালাল ষ্ট্ৰীটত বজাৰৰ এয়াই সৰ্বনিম্ন পতন। চেন্সেক্স ৩৭০০ পইণ্ট আৰু নিফটি ২২,১৪০ পইণ্ট হ্ৰাস পাইছে। এগজিট প’লৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল সোমবাৰৰ বজাৰখন পুৱা মুকলি হোৱাৰ লগে লগে তললৈ নামি আহিল।

এন ডি এ-ইণ্ডিয়া মিত্ৰজোঁটৰ যুজঁ অব্যাহত থকাৰ সময়তে পুৱা ১১ বজালৈকে ৩২০৩.৮২ পইণ্ট বা ৪.১৯ শতাংশলৈ হ্ৰাস পায়। নিফটি ৯৭৩.৭০ পইণ্ট বা ৪.১৯ শতাংশ হ্ৰাস পাইছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল বিৰোধীৰ দৃষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বন্ধু’ গৌতম আদানীৰ সৈতে জড়িত কোম্পানীসমূহৰ ব্যাপক অৱনতি।

মঙলবাৰে আদানী উইলমাৰ আৰু আদানি টোটেল গেছ ৪ শতাংশ আৰু ৭ শতাংশ ক্ৰমে ৩৫৩.৫০ টকা আৰু ১০৪৪.৯৫ টকা হ্ৰাস পাইছে। আদানি এণ্টাৰপ্ৰাইজৰ শ্বেয়াৰ প্ৰায় ১০ শতাংশ হ্ৰাস পাই ৩,২৮০.৭৫ টকা হয়। আদানী বন্দৰ আৰু বিশেষ অৰ্থনৈতিক কৰিডৰ বা ছেইজ ৬.১৬ শতাংশ হ্ৰাস পাই ১৪৮৬.৩০ টকা হয়। আদানীৰ শক্তি – আদানি পাৱাৰৰ শ্বেয়াৰ প্ৰায় ১৪ শতাংশ হ্ৰাস পাইছে।

Related News