• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ব্যাপক ব্যৱধানত জয়ী হোৱাৰ দিশে সৰ্বানন্দ সোণোৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2024 2:48 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ১,৫৭,৬৯৫ৰো অধিক ভোটত আগবাঢ়ি থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জয়লাভৰ পথত আগবাঢ়িছে।

কিন্তু সোণোৱালক কঠোৰ প্ৰত্যাহ্বান আগবঢ়াইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে।

ইতিমধ্যে দলীয় কৰ্মীসকলে ৰাজপথত উদযাপন আৰম্ভ কৰি দিছে।

Apply Now

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ডিব্ৰুগড় আসনৰ পৰা বিজেপিৰ প্ৰাৰ্থী।

সোণোৱালে ২০০৪ চনত সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল। এইবাৰ সোণোৱালক মনোনীত কৰিবলৈ বিজেপিয়ে ৰামেশ্বৰ তেলীক বাদ দিছিল।

১৯৬২ চনৰ ৩১ অক্টোবৰত ডিব্ৰুগড়ত জীবেশ্বৰ সোণোৱাল আৰু দিনেশ্বৰী সোণোৱালৰ ঘৰত জন্মগ্ৰহণ কৰিছিল সোণোৱালে।

ডন বস্কো হাইস্কুলত পঢ়াৰ পিছত সোণোৱালে ডিব্ৰুগড় হনুমানবাক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত বি এ ডিগ্ৰী লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰাও তেওঁ এল এল বি কৰিছে।

সোণোৱালে ছাত্ৰ ৰাজনীতিৰে আৰম্ভ কৰিছিল ৰাজনৈতিক যাত্ৰা। ১৯৯২ চনৰ পৰা ১৯৯৯ চনলৈকে শক্তিশালী সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল।

পৰৱৰ্তী সময়ত অসমম গণ পৰিষদত যোগদান কৰি ২০০১ চনত মৰাণ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়।

২০০৪ চনত ডিব্ৰুগড়ৰ পৰা লোকসভা নিৰ্বাচনত জয়লাভ কৰি এই আসন লাভ কৰা প্ৰথমজন অকংগ্ৰেছী প্ৰাৰ্থী হিচাপে পৰিগণিত হয় সোণোৱাল।

২০২৪ চনৰ নিৰ্বাচনত তেওঁ মুখামুখি হৈছে বিৰোধী মিত্ৰজোঁট সংযুক্ত বিৰোধী মঞ্চ অসম (ইউ অ’ এফ এ)ৰ একমত প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু আম আদমি পাৰ্টিৰ মনোজ ধনোৱাৰৰ। সোণোৱালৰ দৰে লুৰীণজ্যোতি গগৈৰো ছাত্ৰ ৰাজনীতিৰ পটভূমি আছে আৰু আছুৰ বিষয়ববীয়া আছিল।

সোণোৱালে উচ্চতম ন্যায়ালয়লৈ গৈ অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

২০০৫ চনত আদালতে ৰায়দান কৰি অবৈধ প্ৰব্ৰজনকাৰী (ট্ৰিবিউনেলৰ দ্বাৰা নিৰ্ণয়) আইনখনক অসাংবিধানিক বুলি ঘোষণা কৰে।

২০০৫ চনলৈকে অসমত এজন ব্যক্তি বিদেশী নে ভাৰতীয় সেইটো আই এম ডি টি আইনৰ দ্বাৰা সিদ্ধান্ত লোৱা হৈছিল, য’ত অভিযুক্তৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ দায়িত্ব ৰাজ্যৰ ওপৰত আছিল। অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সোণোৱাল  “জাতীয় নায়ক” নামেৰে পৰিচিত।

২০১১ চনত সোণোৱালে বিজেপিত যোগদান কৰে, আৰু দ্ৰুতগতিত নিজৰ অৱস্থান উন্নীত কৰি দলৰ অসমৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পিছত ৰাষ্ট্ৰীয় কাৰ্যবাহীৰ সদস্য হয়।

২০১৬ চনত তেওঁ বিজেপিৰ পৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত সোণোৱাল পুনৰ মাজুলীৰ পৰা নিৰ্বাচিত হয়।

বিজেপিৰ বিজয়ৰ পাছতো সোণোৱালে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে প্ৰস্তাৱ কৰে।

বৰ্তমান সোণোৱাল বন্দৰ, জাহাজ, জলপথ, আৰু আয়ুষ বিভাগৰ মন্ত্ৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd