ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰি বিশ্বকাপ অভিযানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ভাৰতীয় ক্ৰিকেট দলে।
বুধবাৰে ডুবাইৰ আইচিচি একাডেমী গ্ৰাউণ্ডত অনুষ্ঠিত মেচখনত নিৰ্ধাৰিত ২০ অভাৰত অষ্ট্ৰেলিয়াই ৫ উইকেটত ১৫২ ৰাণ সংগ্ৰহ কৰে। দলটোৱে ১১ ৰানতে তিনিটা উইকেট হেৰুওৱাই বিপদত পৰিছিল যদিও ষ্টিভেন স্মিথ, মেক্সৱেল আৰু ষ্টইনিছৰ প্ৰচেষ্টাত ১৫২ ৰানৰ এক প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰায়।
স্মিথে সৰ্বাধিক ৫৭ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মেক্সৱেল আৰু ষ্টইনিছৰ বেটৰ পৰা আহে ক্ৰমে ৩৭ আৰু ৪১ ৰান।
ভাৰতৰ হৈ অশ্বিনে দুটা উইকেট দখল কৰাৰ লগতে ভুবনেশ্বৰ কুমাৰ, জাদেজা আৰু ৰাহুল চাহাৰৰ হাতলৈ যায় এটাকৈ উইকেট।
উল্লেখ্য যে ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে আজি দলৰ ষষ্ঠজন বলাৰৰ ভূমিকাত অৱতীৰ্ণ হৈ বিশ্বকাপৰ মূল পৰ্যায়ৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ ইঙ্গিত প্ৰদান কৰে।
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ১৭.৫ অভাৰত মাত্ৰ ১ টা উইকেট হেৰুৱাই প্ৰয়োজনীয় লক্ষ্যত উপনীত হয়।
অপেনাৰদ্বয় কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ৯.১ অভাৰত ৬৮ ৰাণ যোগ যোগ কৰি দলক এক সফল আৰম্ভণি দিয়ে। ব্যক্তিগত ৩৯ ৰানত ৰাহুল এষ্টন এগাৰৰ বলত আউট হয়। তেওঁৰ ৩১ টা বলৰ ইনিংছটোত ২টা চাৰি আৰু ৩ টা ছয় কোবাই।
ৰোহিত শৰ্মাই ৪১ টা বলত ৫ টা চাৰি আৰু ৩ টা ছয়েৰে সৰ্বাধিক ৬০ ৰান সংগ্ৰহ কৰি ৰিটায়াৰ্ড হাৰ্ট হয়।
ইনিংছৰ ১৮ সংখ্যক অভাৰৰ পঞ্চমটো বলত হাৰ্ডিক পাণ্ডিয়াই (১৪*) ৰিছাৰ্ডচনৰ বলত এটা ছয় কোবাই বিজয়ী ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰ যাদৱে ২৭ টা বলত ৩৮ ৰাণ কৰি অপৰাজিত হৈ থাকে।
এষ্টন এগাৰে অষ্ট্ৰেলিয়াৰ হৈ একমাত্ৰ উইকেটটো দখল কৰে।
উল্লেখ্য যে ভাৰতে বিশ্বকাপ মূল পৰ্যায়ত ২৪ অক্টোবৰত পাকিস্তানৰ বিপক্ষে খেলি নিজৰ টি২০বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব।