কংগ্ৰেছ শাসনলৈ আহিলেই কৃষক বিৰোধী তিনিওখন আইন বাতিল কৰা হ’ব, কথা দিলে ৰাহুল গান্ধীয়ে

Rahul-Gandhi-

কৃষকক শ্ৰম উৎপাদিত ফচলৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ওলোৱা তিনিখনকৈ কৃষক আইনৰ  কংগ্ৰেছে শাসনলৈ আহিলেই বাতিল কৰা হ’ব।

এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে।

পঞ্জাৱৰ মোগাত আজিৰে পৰা আৰম্ভ কৰা ট্ৰেক্টৰ ৰেলীত ভাগলৈ ৰাহুল গান্ধীয়ে কয় যে তিনি খনকৈ কৃষি আইনৰ জৰিয়তে চৰকাৰে দেশৰ কৃষকৰ সকলো অধিকাৰ কাঢ়ি নিব বিচাৰিছে।

এই আইনে কৃষকক তেওঁলোকৰ উৎপাদিত ফচলৰ ওপৰত থকা অধিকাৰ কাঢ়ি নিব বুলি উল্লেখ কৰি ৰাহুলে কয় যে কংগ্ৰেছ শাসনলৈ আহিলেই কৃষকক ভাতে মাৰিবলৈ ওলোৱা তিনিও খন কৃষি আইন বাতিল কৰা হ’ব।

ৰাহুলে লগতে এই বুলি প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে যদি কৃষি আইন কেইখনে কৃষকৰ উপকাৰ সাধিব তেন্তে দেশৰ কৃষকসকলে কিয় এই আইনৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ পথলৈ ওলাই আহিছে?

কৃষি আইনৰ বিৰুদ্ধে দেশৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও ৰাহুলে হুংকাৰ দিয়ে।

কংগ্ৰেছ সদায় কৃষকৰ পক্ষত থাকিব বুলি প্ৰকাশ কৰি ৰাহুলে কয় যে কৃষক-শ্ৰমিকৰ অধিকাৰ কেতিয়াও খৰ্ব হ’বলৈ দিয়া নহ’ব।