NORTHEAST NOW (Assamese)

দেশত যোৱা ২৪ ঘন্টাত ৯৬,৪২৪ নতুনকৈ কৰ’নাত আক্ৰান্ত; মৃতকৰ সংখ্যা ৮৪,৩৭২ গৰাকীলৈ বৃদ্ধি

September 18, 2020 10:34 am · এন ই নাও নিউজ

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰে দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ বৃহস্পতিবাৰৰ পুৱা ৮ বজাৰ পৰা শুকুৰবাৰৰ পুৱা ৮ বজালৈকে দেশত ৯৬,৪২৪ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ১১৭৪ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৫২,১৪,৬৭৮ অতিক্ৰম কৰাৰ বিপৰীতে এই পৰ্যন্ত মুঠ ৮৪,৩৭২ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, বৰ্তমান দেশত ১০,১৭,৭৫৪ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী আছে।

আনহাতে, ৪১,১২,৫৫২ গৰাকী ৰোগী সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে মুঠ সক্তিয় ৰোগীৰ ভিতৰত আটাইতকৈ বেছি আক্ৰান্ত পাঁচখন ৰাজ্যত সক্ৰিয় ৰোগী হৈছে প্ৰায় ৬০শতাংশ।

আইচিএমআৰৰ তথ্য মতে, কোভিড-১৯ৰ বাবে ১৭ ছেপ্টেম্বৰলৈকে ৬,১৫,৭২,৩৪৩গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

ইয়াৰ ভিতৰত বৃহস্পতিবাৰে মুঠ ১০,০৬,৬১৫গৰাকী লোকৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হয়।

দৈনিক সংক্ৰমণৰ সংখ্যাই দেশবাসীক চিন্তিত কৰি তুলিলেও ভাল খবৰ এয়াই যে বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যাৰ তুলনাত সুস্থ হৈ উঠাৰ সংখ্যা অধিক।

Related News