ভাৰতত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭০ লাখৰ ঘৰ

COVID19-negative-1140x570

ভাৰতত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৭০ লাখৰ ঘৰ।

প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধত আক্ৰান্ত হৈছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত অৰ্থাৎ শনিবাৰে পুৱা ৮ বজাৰ পৰা দেওবাৰে পুৱা ৮ বজালৈকে দেশত ৭৪,৩৮৪ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যা ৭০,৫৩,৮০৬ গৰাকীলৈ বৃদ্ধি পালে।

আনহাতে, এই মহামাৰী ভাইৰাছৰ ফলত যোৱা ২৪ ঘণ্টাত ৯১৮ গৰাকী লোকৰ মৃত্যু হৈছে।

এই পৰ্যন্ত দেশত মুঠ ১,০৮,৩৩৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ মুঠ সংখ্যা হৈছে ৬০,৭৭,৯৭৬ গৰাকী।

ইফালে মুঠ আক্ৰান্তৰ ভিতৰত ৮,৬৭,৪৯৬ গৰাকী ৰোগী বৰ্তমান সক্ৰিয় হৈ আছে। ইয়াৰে কিছু সংখ্যকৰ চিকিৎসা হাস্পতালত চলাৰ বিপৰীতে কিছু সংখ্যক ৰোগী সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে হোম আইছ’লেশ্যনত আছে।

ইপিনে কোভিডৰ ভেকচিন শীঘ্ৰে দেশবাসীয়ে লাভ কৰিব বুলি স্বাস্থ্য দপ্তৰৰ এটা সূত্ৰই আজি পুনৰ বাৰ প্ৰকাশ কৰিছে।

ৰাছিয়াৰ ভেকচিনৰ পৰীক্ষণ বৰ্তমান দেশত বন্ধ ৰখা হৈছে বুলি জানিব পৰা গৈছে।

ইয়াৰ বিপৰীতে দেশীয় ভাবে প্ৰস্তুত কৰা দুটা আৰু অক্সফোৰ্ডৰ আন এটা ভেকচিনৰ পৰীক্ষণ দেশত পূৰ্ণ গতিত চলি আছে।