• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতত অনিয়ন্ত্ৰিত হৈ পৰিছে চাইবাৰ অপৰাধ: আওপুৰণি প্ৰযুক্তিৰ বাবে তদন্তত জটিলতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2025 7:43 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি ভাৰতত চাইবাৰ অপৰাধ এক মুৰৰ কামুৰণি হৈ পৰিছে। কিন্তু সেই অনুসাৰে চৰকাৰে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে। সেয়ে চাইবাৰ সুৰক্ষা বিশেষজ্ঞসকলে সতৰ্কবাণী দিছে যে আওপুৰণি প্ৰযুক্তি আৰু সীমিত ব্যৱস্থাৰ বাবে ভাৰতত চাইবাৰ অপৰাধৰ তদন্ত কৰাটো ক্ৰমাৎ কঠিন হৈ পৰিছে। এই সীমাবদ্ধতাৰ বাবেই দেশত চাইবাৰ আক্ৰমণৰ মোকাবিলা কৰাত অসুবিধাৰ সৃষ্টি হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত চাইবাৰ সুৰক্ষা সম্পৰ্কীয় এক ৰাষ্ট্ৰীয় সন্মিলনত বিশেষজ্ঞসকলে এই গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে। সন্মিলনত দাঙি ধৰা তথ্য অনুসৰি, ২০২৪ চনত চাইবাৰ জালিয়াতিৰ ফলত ভাৰতে প্ৰায় ২২,৮৪৫ কোটি লোকচান ভৰিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ২০৫.৬ শতাংশ বেছি। এই সময়ছোৱাত ৩৬ লাখতকৈও অধিক আৰ্থিক জালিয়াতিৰ গোচৰ আৰু প্ৰায় ২০.৫ লাখ চাইবাৰ আক্ৰমণৰ বাতৰি পোৱা গৈছে। বিশেষজ্ঞসকলৰ মতে, এই আক্ৰমণৰ অধিকাংশই শত্ৰুভাৱাপন্ন দেশৰ পৰা হোৱা বুলি সন্দেহ কৰা হয়।

Apply Now

মাইক্ৰ‘ছফ্টৰ কেশ্ৰী কুমাৰ আস্থানাই আঙুলিয়াই দিয়ে যে ২০২৫ চনত ভাৰতত ডাটা ভংগৰ (তথ্যৰ গোপনীয়তা ৰক্ষাৰ) গড় খৰচ ২২ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। তেওঁ এই ব্যয়ৰ বাবে নিৰাপত্তা ব্যৱধান আৰু দুৰ্বল ব্যৱস্থাপনাকে মূল কাৰণ হিচাপে দায়ী কৰে। তেওঁ লগতে কয় যে আক্ৰমণকাৰীয়ে উন্নত আৰু জটিল পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাকো কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি অধিক স্মাৰ্ট কৰিব লাগিব।

আন বিশেষজ্ঞসকলে তদন্তকাৰীসকলৰ দক্ষতা আৰু তেওঁলোকৰ বাবে উপলব্ধ সঁজুলি উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বহু চৰকাৰী সংস্থা এতিয়াও পুৰণি পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল, যাৰ ফলত চাইবাৰ অপৰাধৰ গোচৰৰ তদন্তত লেহেমীয়া অগ্ৰগতি আৰু বৃহৎ সংখ্যক গোচৰ অমিমাংশিত হৈ ৰৈছে। চেলেব্ৰাইটৰ শ্ৰীকৃষ্ণ আশুতোষে কয় যে ভাৰতৰ প্ৰায় আধা তদন্তকাৰী সংস্থা আধুনিক প্ৰযুক্তিৰ পৰা পিছ পৰি আছে, আৰু প্ৰতিটো গোচৰ পৰ্যালোচনা কৰিবলৈ ৬৯ ঘণ্টাৰো অধিক সময় লাগিব পাৰে।

উইপ্ৰ‘ৰ ডাটা প্ৰাইভেচি বিষয়া সন্দেশ জাধৱে জনসাধাৰণক অনলাইনত সতৰ্ক হ’বলৈ পৰামৰ্শ দিয়ে, কিয়নো তেওঁলোকক “অবিৰতভাৱে চোৱাচিতা কৰা হৈছে”।

‘চাইবাৰ ছিকিউৰ ভাৰত’ অভিযানৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিকছ আৰু ইনফৰ্মেশ্যন টেকন’লজি ইনষ্টিটিউট (NIELIT) ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হয়। আয়োজকসকলে দৃঢ়তাৰে কয় যে ভাৰতৰ ডিজিটেল ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অধিক শক্তিশালী চাইবাৰ সুৰক্ষা আৰু জনসচেতনতা বৃদ্ধি কৰাটো জৰুৰী হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd