শিৱমৰ দুৰ্দান্ত বেটিং, অক্ষৰৰ নিখুঁত বলিং; আফগানিস্তানৰ বিৰুদ্ধে ৬ উইকেটত জয়ী টীম ইণ্ডিয়া

জুন মাহত অনুষ্ঠিত হ’ব আইচিচি টী-২০ বিশ্বকাপ ২০২৪। বিশ্বকাপৰ যুঁজৰ পূৰ্বে ভাৰতৰ এইখন শেষ দ্বিপাক্ষিক শৃংখলা। আই পি এল (আই পি এল ২০২৪) মাৰ্চ মাহত হ’লেও আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সম্ভাৱনা বহু কম। ‘মেন ইন ব্লু’ ব্ৰিগেডে মাত্ৰ দুখন ২০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ সুযোগ পাব।

এনে পৰিপ্ৰেক্ষিতত আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখন টী-২০ মেচত ৬ উইকেটত জয়লাভ কৰিলেও শুভমন গিলৰ মানসিকতাত সন্তুষ্ট নহ’ব ৰোহিত শৰ্মা। অৱশ্যে এই আঘাতৰ পিছতো ভাৰতৰ মান ৰক্ষা কৰিলে শিৱম ডুবেই। ২০ অভাৰৰ ফৰ্মেটত তেওঁৰ দ্বিতীয় আৰু অপৰাজিত অৰ্ধশতকেৰে ভাৰতে জয়লাভ কৰে। শেষৰ পিনে জিতেশ শৰ্মা আৰু ৰিংকু সিঙে তেওঁক যোগ্য সংগ দিয়ে।

এই খেলখনৰ পৰা বিৰাট কোহলী আঁতৰি যায়। আঘাতৰ বাবে সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়া দলৰ পৰা আঁতৰি আছে। কিন্তু ঘৰুৱা খেলপথাৰত সুযোগৰ সদ্ব্যৱহাৰ ল’ব নোৱাৰিলে শুভমনে। তেওঁৰ সৈতে হোৱা ভুল বুজাবুজিৰ বাবে ইনিংছৰ দ্বিতীয় বলত ৰোহিত ৰান আউট হয়।

ফটো সৌজন্যঃ বিচিচিআই।

অধিনায়কগৰাকীয়ে খঙত খেলপথাৰ এৰিলে যদিও শুভমনে আক্ৰমণাত্মকভাৱে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। কিন্তু দমনীয় হৈ দেখুৱাব নোৱাৰিলে। মুজিবুৰ ৰহমানক অপ্ৰয়োজনীয়ভাৱে ষ্টেপ আউট কৰি  মাৰিবলৈ গৈ ১২টা বলত ২৩ ৰানত নিজৰ উইকেট নিক্ষেপ কৰি পেভলিয়নলৈ উভতি আহে। ২৮ ৰানত ২ উইকেট হেৰুৱায় ভাৰতে।

অৱশ্যে তিলক বাৰ্মাই চাপত সেও মনা নাছিল। বাওঁহাতৰ খেলুৱৈগৰাকীয়ে অতি আগ্ৰাসী মুডত শিৱম ডুবেৰ সৈতে ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। কিন্তু তিলকৰ ইনিংছ বহু দূৰ আগুৱাব নোৱাৰিলে। গুলবাদিন নাইবে ডিপ স্কোৱেৰত আজমাতুল্লাহ ওমৰজাইৰ বলত তুলি দিয়া কেচটো কৰায়ত্ত কৰে। ২২টা বলত ২৬ ৰান কৰি ওভতে তিলক। ফলত ভাৰতে ৭২ ৰানত ৩টা উইকেট হেৰুৱায়।

অৱশ্যে শিৱমে জীতেশৰ লগত দৃঢ়তাৰে মুখামুখি হ’ল। চতুৰ্থ উইকেটৰ যুটীত দুয়োজনে চকুৰ পলকতে ৪৫ ৰান সংযোজন কৰে। ইয়াৰ পিছত জীতেশে ব্যক্তিগত ৩১ ৰানেৰে উভতি আহে যদিও মেচখনত জয়ী হোৱাৰ বাবে খৰধৰ কৰিব লগা হোৱা নাছিল। কাৰণ ৰিংকু সিং আৰু শিৱমে বাকীখিনি চম্ভালি লৈছিল।

ফটো সৌজন্যঃ বিচিচিআই।

শিৱমে শেষবাৰৰ বাবে ২০১৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫৪ ৰান কৰিছিল। বৃহস্পতিবাৰে ২০ অভাৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়টো অৰ্ধশতক সম্পূৰ্ণ কৰিলে। বাওঁহতীয়া অলৰাউণ্ডাৰগৰাকীয়ে ৪০টা বলত ৬০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ মেচ বিজয়ী ইনিংছটো ৫টা চাৰি আৰু ২টা ছয়েৰে সজোৱা হৈছিল। ৰিংকুৱে ৯টা বলত ১৬ ৰান কৰি অপৰাজিত হৈ থাকে।

ইপিনে, আফগানিস্তানৰ অ’পেনাৰ দুজনে প্ৰথমে বেটিং কৰিবলৈ আহি সতৰ্কতাৰে আৰম্ভণি কৰিছিল। পাৱাৰ প্লে’ত আফগানিস্তানে কোনো উইকেট হেৰুৱা নাছিল। তেতিয়া ভবা হৈছিল যে আফগানসকলে ডাঙৰ স্কোৰ কৰিব। ৰহমানুল্লাহ গুৰবাজে ২৩ ৰানত আউট হোৱাৰ লগতে অধিনায়ক ইব্ৰাহিম জৰ্ডানে ২৫ ৰান সংগ্ৰহ কৰে। আজমাতুল্লাহ ওমৰজাই ২৯ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্যঃ বিচিচিআই।

মহম্মদ নবিৰ বাহিৰে আন কোনো আফগান বেটছমেনে ভাৰতীয় বলাৰক চিন্তাত পেলাব নোৱাৰিলে। পাঁচ নম্বৰত বেটিং কৰিবলৈ নামি নবীয়ে ২৭টা বলত ৪২ ৰান সংগ্ৰহ কৰে। তেওঁ আক্ৰমণাত্মক ইনিংছটো ২টা চাৰি আৰু ৩টা ছয়ৰে সজাইছিল। অক্ষৰ পেটেলে ২৩ ৰানত ২ টা আৰু মুকেশ কুমাৰে ৩৩ ৰানত ২টা উইকেট সংগ্ৰহ কৰে।

মোহালীত আফগানিস্তানৰ বিৰুদ্ধে শৃংখলাৰ প্রথমখন খেলত বলাৰসকলৰ প্রদর্শনে ভাৰতীয় শিবিৰক সকাহ দিব৷ টছত জয়ী হৈ অধিনায়ক ৰোহিত শৰ্মাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আফগান অ’পেনাৰ দুগৰাকীয়ে বিস্ফোৰক আৰম্ভণি কৰিছিল যদিও কোনো লাভ নহ’ল।

ফটো সৌজন্যঃ বিচিচিআই।

আফগানিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৫৮ ৰানত আবদ্ধ হৈ পৰে। অৱশ্যে সেই ৰান জয় কৰিবলৈ ভাৰতে বিশেষ কষ্ট কৰিব নালাগিল। অহা ১৪ জানুৱাৰীত ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত দ্বিতীয়খন খেলত মুখামুখি হ’ব দুয়োটা দল।