গ্লোবেল হাংগাৰ ইণ্ডেক্সঃ বিশ্বত স্বৰূপ উদং হোৱাত লাজ পাইছে বিশ্বগুৰুৱে, ক’লে-প্ৰতিবেদন মিছা!

বিশ্বগুৰুৱে লাজ পাইছে। কাৰণ ভোকাতুৰ মানুহৰ দেশৰ তালিকাত ভাৰতৰ স্থান ১০৭ হৈছে। বিকাশৰ ইমান জয়ঢোল কোবাই থকাৰ পিছত কোনোৱাই এনেদৰে প্ৰতিবেদন দিলে সহ্য কৰিব পাৰি নেকি? সেয়ে প্ৰতিবেদন প্ৰকাশৰ পিছতে কৈ দিলে এই প্ৰতিবেদন মিছা! ভাৰতক অপযশ দিবলৈহে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। সত্যক স্বীকাৰ কৰিব নিবিচৰা মোদীৰ চৰকাৰৰ পৰা ইয়াতকৈ বেছি একো আশাও কৰিব নোৱাৰি। ভাৰত এতিয়া এনে এখন দেশ হৈ পৰিছে য’ত ভোকত থাকিলেও মানুহে ক’ব লাগিব নাই মই পেট পূৰাই খাবলৈ পাইছো বুলি! ক’বই লাগিব, নহ’লে বিশ্বগুৰু নাৰাজ হ’ব।
উল্লেখ্য অৰ্থনীতিৰ বিকাশৰ জয়ঢোল কোবাই থকা চৰকাৰ খনক পুনৰ বাৰ লাজত পেলাই গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান ১০৭ লৈ অৱনমিতহে হ’ল।

বিগত বৰ্ষত ভাৰতৰ স্থান ১০১ ত আছিল যদিও এইবাৰ সেই স্থানৰ পৰাও পিছলি তললৈ গ’ল ভাৰত। আত্মনিৰ্ভৰ ভাৰতৰ শ্ল’গান আওৰাই থকা সকলক লজ্জিত কৰি মাত্ৰ এটা বছৰতে দেশত খাবলৈ নাপাই চটফটাই থকা লোকৰ সংখ্যা বৃদ্ধিহে পালে। তাতোকৈও লাজৰ কথাটো হ’ল গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান এইবেলি পাকিস্তান, বাংলাদেশ, নেপাতকৈয়ো তলত থাকিল।

বিশ্বৰ ১২১ খন দেশৰ গ্লোবেল হাংগাৰ ইণ্ডেক্স (জিএইচআই)ত ২০২২ ত বিশ্বগুৰুৰ ভাৰতৰ স্থান ১০৭ সংখ্যক স্থানলৈ অৱনমিত হোৱাৰ কথাই বহুতকে চিন্তি কৰি তুলিছে। ২০২১ চনত ভাৰতৰ স্থান আছিল ১০১ । এইবেলিচীন, তুৰস্ক আৰু কুৱেইটকে ধৰি ১৭ খন দেশে বিশ্বব্যাপী ক্ষুধা সূচকত শীৰ্ষ স্থানত আছে। ভাৰতৰ স্থান পূৰ্বতকৈও অৱনমিত হোৱাৰ বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছৰ সাংসদ পি চিদাম্বৰমে। তেওঁ কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত ২০১৪ চনৰে পৰা আমাৰ ক্ষুধা সূচকৰ দ্ৰুত অৱনতি ঘটিছে।

তেওঁ প্ৰশ্ন কৰে, “মাননীয় প্ৰধানমন্ত্ৰীয়ে কেতিয়া পুষ্টিহীনতা, ভোক, আৰু শিশুসকলৰ অপচয়ৰ দৰে প্ৰকৃত সমস্যাবোৰ সমাধান কৰিব?” আইৰিছ সাহায্য সংস্থা কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু জাৰ্মান সংগঠন ৱেল্ট হাংগাৰ হিলফে যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনে ভাৰতত ভোকৰ স্তৰক “গুৰুতৰ” বুলি অভিহিত কৰিছে।

২০২১ চনত ভাৰত বিশ্বৰ ১১৬ খন দেশৰ ভিতৰত ১০১ সংখ্যক স্থানত আছিল। এতিয়া তালিকাত ১২১ খন দেশৰ ভিতৰত ভাৰত ১০৭ সংখ্যক স্থানলৈ অৱনমিত হৈছে। উল্লেখ্য বিগত বৰ্ষত এই তালিকাত ভাৰত ১০০ সংখ্যক স্থানৰ তললৈ নামি যোৱাৰ বাবে মোদীৰ চৰকাৰে প্ৰতিবেদনখনক সমালোচনা কৰি – “আচৰিত” আৰু “অবাস্তৱ” প্ৰতিবেদন বুলি কৈছিল। চৰকাৰে দাবী কৰিছিল যে গ্লোবেল হাংগাৰ ইণ্ডেক্স গণনা কৰিবলৈ ব্যৱহৃত পদ্ধতিটো অবৈজ্ঞানিক আছিল।

কিন্তু ভাৰত চৰকাৰৰ দাবী খণ্ডন কৰি ৱেল্ট হাংগাৰ হিলফে কৈছিল যে ভাৰতৰ ৰেংকিঙৰ পতন গেলপৰ দ্বাৰা পৰিচালিত এক জনমত জৰীপৰ ওপৰত আধাৰিত আছিল।ডব্লিউ.এইচ.এইচ.-য়ে কৈছিল যে গেলপ জনমত জৰীপটো জি.এইচ.আই.-ৰ দ্বাৰা ব্যৱহাৰ কৰা নহয়, তাৰ পৰিৱৰ্তে ভাৰতৰ দ্বাৰা ৰাষ্ট্ৰসংঘত আনুষ্ঠানিকভাৱে উপস্থাপন কৰা তথ্য ব্যৱহাৰ কৰি অপুষ্টি জোখা হয়।

গ্লোবেল হাংগাৰ ইণ্ডেক্সত ভাৰতৰ স্থান বিশ্বৰ ১২১ খন দেশৰ ভিতৰত ১০৭ সংখ্যক স্থানত থকাৰ কথাটো এইবাৰ মানি লোৱা নাই বিশ্বগুৰুৱে। বিশ্বৰ ১২০ খন দেশে মানি লোৱা তথ্য মোদীৰ চৰকাৰে নামানে। সেয়ে সত্যক গাপ দিবলৈ তৎপৰ হৈ পৰিছে মোদীৰ চৰকাৰ। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কৈছে যে সম্পূৰ্ণ ভুল জৰীপৰ আধাৰত প্ৰতিবেদনখন দাখিল কৰা হৈছে। একে সময়তে, কোৱা হৈছে যে এনে প্ৰতিবেদনৰ জৰিয়তে ভাৰতক বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে। শনিবাৰে প্ৰকাশিত জৰীপ প্ৰতিবেদন অনুসৰি, ক্ষুধা সূচকত ১২১ খন দেশৰ ভিতৰত ভাৰত ১০৭সংখ্যক স্থানত আছে। পাকিস্তান আৰু বাংলাদেশৰ দৰে দেশসমূহ ভাৰতৰ ওপৰত আছে।

শনিবাৰে প্ৰতিবেদন খন প্ৰকাশ হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ কঁপি উঠিল। মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে লগে লগে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, “খাদ্য মন্ত্ৰালয়ে বিষয়টো চোৱা-চিতা কৰি আছে। প্ৰতিবেদনখন এই বছৰৰ জুলাই মাহৰ কিছু পৰিসংখ্যাৰ আধাৰত প্ৰস্তুত কৰা হৈছে। কিন্তু এনে লাগিছে যেন ভাৰতক বদমানী কৰাৰহে চেষ্টা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ভাৰতৰ লোকসকলে তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি খাদ্য নাপায়। ভুল তথ্যৰ ওপৰত ভিত্তি কৰি বিশ্ব ভোক সূচক প্ৰস্তুত কৰা হৈছে। “

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ জৰীপ ব্যৱস্থাটোকলৈ প্ৰশ্ন কৰিছে। চৰকাৰে কৈছে “এই প্ৰতিবেদনত প্ৰদান কৰা তথ্য প্ৰকৃততে এটা ভুল জৰীপৰ ফলাফল। এই জৰীপটো চলোৱাৰ সময়ত বহুতো নিয়ম অনুসৰণ কৰা হোৱা নাছিল। ফলস্বৰূপে, ভাৰতে ১২১ খন দেশৰ ভিতৰত ১০৭ সংখ্যক স্থান লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে কৈছে যে যিবোৰ মাপকাঠিৰ ওপৰত ভোক জোখা হৈছে তাৰ বেছিভাগেই অপ্ৰাসংগিক। কেন্দ্ৰই দাবী কৰিছে যে মাত্ৰ ৩,০০০ লোকৰ মতামতৰ ভিত্তিত বিশ্বৰ পৰিস্থিতি জোখা টো সম্পূৰ্ণ অযৌক্তিক। প্ৰতিবেদনখনে জনসাধাৰণক খাদ্য যোগান ধৰাৰ কথাও হিচাবত ধৰা নাই”।