জাৰ্মানীৰ পৰা বাৰ্লিন অভিমুখী এগৰাকী নেপালী মহিলাক দিল্লী বিমানবন্দৰৰ পৰা কাঠমাণ্ডুলৈ ঘূৰাই পঠিওৱা হৈছে! এই ঘটনাক লৈ বিতৰ্কৰ মাজতে অৱশেষত মুখ খুলিছে গৃহ মন্ত্ৰালয়ে। শনিবাৰে এই বিষয়ত এক বিবৃতি জাৰি কৰি এই ঘটনাত ভাৰতীয় অভিবাসন বিভাগৰ কোনো ভূমিকা নাই বুলি উল্লেখ কৰে।
গৃহ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে, “এইটো সঁচা যে সম্ভৱ অধিকাৰী নামৰ মহিলাগৰাকীয়ে বাৰ্লিনলৈ যাবলৈ দিল্লী বিমানবন্দৰলৈ আহিছিল। আৰু তেওঁক বিমানবন্দৰৰ পৰা কাঠমাণ্ডুলৈ ঘূৰাই পঠিওৱা হৈছিল। অৱশ্যে এই ঘটনাত ভাৰতীয় অভিবাসন বিভাগৰ কোনো ভূমিকা নাই। যুৱতীগৰাকীক সংশ্লিষ্ট বিমান সংস্থাই আটক কৰি ৰাখিছিল। ভিছাৰ ম্যাদ উকলি যোৱাৰ বাবে বাৰ্লিন অভিমুখী বিমানখনত উঠিবলৈ দিয়া হোৱা নাছিল।”
বিবৃতিটোত লগতে কোৱা হৈছে যে, “এই ঘটনাৰ ভুল ব্যাখ্যা কৰা হৈছে। ভাৰতে নেপালী নাগৰিকৰ বিৰুদ্ধে বৈষম্যমূলক ব্যৱহাৰ কৰে বুলি দেখুৱাবলৈ চেষ্টা কৰা হৈছে। অৱশ্যে এইটো কোনো কাৰণতে শুদ্ধ নহয়। সমগ্ৰ ঘটনাটোত ভাৰতীয় অভিবাসন বিভাগৰ কোনো ভূমিকা নাই।”
উল্লেখ্য যে এয়াৰ ইণ্ডিয়াৰ বিমানেৰে কাঠমাণ্ডুৰ পৰা দিল্লীলৈ আহিছিল যাত্ৰীগৰাকী। কাটাৰ এয়াৰৱেজৰ বিমানেৰে তেওঁ দিল্লীৰ পৰা বাৰ্লিনলৈ যোৱাৰ কথা আছিল। কিন্তু অৱশেষত ভিছাৰ সমস্যাৰ বাবে তেওঁৰ যাত্ৰা বাতিল কৰা হয়। আৰু তেওঁক ভাৰতৰ পৰা কাঠমাণ্ডুলৈ ঘূৰাই পঠিওৱা হ’ল। স্বাভাৱিকতে এই ঘটনা পোহৰলৈ অহাৰ পিছতে বিতৰ্কৰ সৃষ্টি হয়।
মন কৰিবলগীয়া যে যিহেতু বহুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে প্ৰত্যক্ষ বিমান সেৱা নাথাকে, সেয়েহে নেপাল, বাংলাদেশ আৰু আন কেইবাখনো দেশৰ পৰা বিমানযোগে ভাৰতলৈ অহা যাত্ৰীসকল বিমানেৰে ভাৰতলৈ আহে আৰু তাৰ পিছত গন্তব্যস্থানলৈ আন্তৰ্জাতিক বিমানত উঠে। তেনেকৈয়ে জাৰ্মানীলৈ গৈ আছিল নেপালী যাত্ৰীজন। কিন্তু এই সমস্যাটো চৰ্চালৈ অহাৰ লগে লগে বহু বিদেশী যাত্ৰীয়ে ইমিগ্ৰেচন বিভাগৰ সৈতে যোগাযোগ কৰি এই বিষয়ে জানিব বিচাৰিছে। কিন্তু এই সন্দৰ্ভত কেন্দ্ৰই স্পষ্টভাৱে উল্লেখ কৰিছে যে, ‘এনে যাত্ৰাত ভাৰতীয় অভিবাসন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ প্ৰয়োজন নাই, কাৰণ এইটো বিমান সংস্থা আৰু যাত্ৰীৰ মাজৰ বিষয়, য’ত ভাৰতীয় অভিবাসন কৰ্তৃপক্ষৰ কোনো ভূমিকা নাই।’




