‘এক দেশ, এক কৰ’ নীতিৰ অধীনত ২০১৭ চনত প্ৰৱৰ্তিত জিএছটি ব্যৱস্থাই শক্তিশালী কৰি তুলিছে দেশৰ ৰাজকোষক। চলিত বৰ্ষৰ আগষ্ট মাহত জিএছটি সংগ্ৰহৰ মুঠ পৰিমাণ ১.৮৬ লাখ কোটি টকা হৈছে, যিটো বিগত বৰ্ষৰ আগষ্ট মাহৰ ১.৭৫ লাখ কোটি টকাৰ তুলনাত ৬.৫ শতাংশ অধিক। অৱশ্যে জুলাই মাহৰ ১.৯৬ লাখ কোটি টকাৰ তুলনাত আগষ্টত সংগ্ৰহ সামান্য হ্ৰাস পাইছে। চৰকাৰী তথ্য অনুসৰি, উৎসৱ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে জুলাইত সংগ্ৰহ অধিক আছিল।
চলিত বৰ্ষৰ এপ্ৰিল মাহত জিএছটি সংগ্ৰহে ইতিহাসৰ সৰ্বোচ্চ স্তৰ ২.৩৭ লাখ কোটি টকাত উপনীত হৈছিল। আগষ্ট মাহত মুঠ ঘৰুৱা ৰাজহ ১.৩৬ লাখ কোটি টকা হৈছে, যিটো বিগত বৰ্ষৰ তুলনাত ৬.৬ শতাংশ অধিক। ইয়াৰ বিপৰীতে আমদানি কৰ সামান্য হ্ৰাস পাই ৪৯,৩৫৪ কোটি টকাত স্থিতি লাভ কৰিছে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত ঘোষণা কৰিছে যে দেৱালীৰ ভিতৰত জিএছটিৰ সংস্কাৰ সাধন কৰা হ’ব। এই সংস্কাৰে সাধাৰণ মানুহক কৰ সকাহ দিব আৰু ক্ষুদ্ৰ ব্যৱসায়ী তথা মধ্যবিত্তীয় উদ্যোগীসকলক উপকৃত কৰিব বুলি তেওঁ উল্লেখ কৰিছে। জিএছটি কাৰ্যকৰী হোৱাৰ আঠ বছৰ সম্পূৰ্ণ হোৱাত এতিয়া ইয়াক অধিক সহজ আৰু ফলপ্ৰসূ কৰি তোলাৰ সময় আহি পৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। কিন্তু প্ৰকৃততে জিএছটিৰ পৰা লভ হৈছে নে জনতাৰ…