DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰযুক্তিৰ মহাজাল ৰঙা চীনৰ: মহাকাশত ৰাছিয়াতকৈও বেছি আছে চীনৰ কৃত্ৰিম উপগ্ৰহ

পৃথিৱীৰ কক্ষপথত উৰিছে ভাৰতৰ ৪৯ টা কৃত্ৰিম উপগ্ৰহ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 2:21 pm
sat
502
VIEWS
Share on FacebookShare on Twitter

তথ্য-প্ৰযুক্তিৰ যুগত কৃত্ৰিম উপগ্ৰহই বিশ্বৰ মানৱ জাতিক উন্নত যোগাযোগ ব্যৱস্থাৰ লগতে তথ্যৰ দ্ৰুত সৰবৰাহত সহায় কৰিছে।

কৃত্ৰিম উপগ্ৰহৰ জৰিয়তেই বিশ্বৰ বহু দেশে আন দেশৰ বিৰুদ্ধে অব্যাহত ৰাখিছে চোৰাংচোৱাগিৰিও।

মহাকাশত এতিয়ালৈকে থকা ভাৰতৰ কৃত্ৰিম উপগ্ৰহৰ সংখ্যা হৈছে ৪৯ টা।

আজি ভৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ৰ ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰৰ সঞ্চালক ডঃ কুনহিকৃষ্ণণে এই কথা প্ৰকাশ কৰে।

তেওঁ কয় যে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ কেইটা পৃথিৱীৰ কক্ষপথৰ বাহিৰত সুন্দৰ ভাবে উৰি আছে।

ক’ৰ’ণাতংকৰ বাবেই ভাৰতে আৰু ৪ টা কৃত্ৰিম উপগ্ৰহ উৎক্ষেপনৰ বাবে সাজু হৈ উছাৰ পিছতো উৎক্ষেপন কৰিব পৰা নাই বুলি বিজ্ঞানী গৰাকীয়ে জানিবলৈ দিয়ে।

ভাৰতে এতিয়ালৈকে ইছৰ’ৰ উদ্যোগত বিশ্বৰ বিভিন্ন দেশৰ তিনি শতাধিক কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ উৎক্ষেপন  কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়।

উল্লেখ্য মহাকাশ বৰ্তমান সৰ্বাধিক কৃত্ৰিম উপগ্ৰহ থকা দেশ খন হৈছে আমেৰিকা।

আমেৰিকাই চৰকাৰী তথা বেচৰকাৰী উদ্যোগত এতিয়ালৈকে মহাকাশলৈ উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহৰ সংখ্যা হৈছে ১৩০০ টা।

আনহাতে ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ চীনৰ মহাকাশত থকা ছেটেলাইটৰ সংখ্যা হৈছে ৩৬৩ টা।

লক্ষ্যণীয় কথাটো হ’ল ৰাছিয়াতকৈও অধিক কৃত্ৰিম উপগ্ৰহ আছে চীনৰ।

ৰাছিয়াৰ মহাকাশত থকা কৃত্ৰিম উপগ্ৰহ সংখ্যা হৈছে ১৬৯ টা।

বিশ্বৰ বিভিন্ন দেশৰ প্ৰায় ২৬০০ টা কৃত্ৰিম উপগ্ৰহই পৃথিৱীৰ কক্ষপথত সুকলমে উৰি থাকি বিভিন্ন কাৰ্য সম্পাদন কৰি আছে।

Recent News

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd