• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভুৱা খবৰৰ বিৰুদ্ধে কঠোৰ! ৯৪ টা ইউটিউব চেনেলসহ ১৯ টা ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰিলে চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2022 5:50 pm
govt block youtube channel for fake news spreeding
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্টাৰনেটৰ সহজলভ্যতাৰ সমানে এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে ভুৱা খবৰৰ প্ৰচাৰ। এনে ভুৱা খবৰ সমূহে সাধাৰণতেই বিপথে পৰিচালিত কৰে জনসাধাৰণক। এনেদৰে ভুৱা খবৰ প্ৰচাৰ কৰা ডিজিটেল মাধ্যম সমূহৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ।

ভুৱা খবৰ প্ৰচাৰৰ বাবে ২০২১-২২ বৰ্ষত দেশত ৯৪ টা ইউটিউব চেনেল, ১৯ টা ছ’চিয়েল মিডিয়া একাউণ্ট আৰু ৭৪৭ টা ইউনিফৰ্ম ৰিচ’ৰ্চ লোকেটৰ (ইউআৰএল) বন্ধ কৰা হৈছে।

Apply Now

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বৃহস্পতিবাৰে ৰাজ্যসভাত এই তথ্য দাঙি ধৰিছে।

এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে তথ্য প্ৰযুক্তি আইন, ২০০০ ৰ ধাৰা ৬৯এ-ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

ঠাকুৰে কয় যে ইণ্টাৰনেটত ভুৱা বাতৰি প্ৰচাৰ কৰি দেশৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে কাম কৰা এনে মাধ্যমসমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এনে পদক্ষেপৰ উদ্দেশ্যেই ২০২০ চনৰ ৩১ মাৰ্চত ক’ভিড-১৯ সম্পৰ্কে প্ৰচাৰ হৈ থকা ভুৱা বাতৰিৰ পৰীক্ষা কৰিবলৈ প্ৰেছ ইনফৰ্মেচন ব্যুৰো (পিআইবি)ৰ তথ্য পৰীক্ষা গোটৰ অধীনত এক নতুন গোট গঠন কৰা হৈছিল বুলি তেওঁ সদৰি কৰে।

ঠাকুৰে দাখিল কৰা তথ্য অনুসৰি নতুনকৈ গঠিত এই গোটটোৱে ক’ভিড-১৯ সন্দৰ্ভত উত্থাপিত প্ৰশ্নকে ধৰি বিভিন্ন বিষয়ত ৩৪,১২৫ টা কাৰ্যকৰী প্ৰশ্নৰ উত্তৰ দিছে।

উল্লেখ্য যে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰথমবাৰৰ বাবে পাকিস্তানৰ পৰা কাম কৰি থকা ২০ টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপৰ ওপৰত আন এক প্ৰশ্নও উত্থাপিত হৈছে। বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ২০১৪ চনত শাসনত অধিষ্ঠিত হোৱাৰ পিছত বিজেপিৰ আই টি চেলৰ লগতে দলটোৰ একাংশ সমৰ্থকে ব্যাপকভাৱে ভুৱা খবৰ প্ৰচাৰ কৰি আহিছে।

কেৱল বিজেপিৰ কৰ্মী বা সমৰ্থকেই নহয়, দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যম সমূহেও প্ৰত্যক্ষভাৱে চৰকাৰৰ সমৰ্থনত নানা অপপ্ৰচাৰত লিপ্ত হোৱাৰ কেতবোৰ নজিৰ আছে।

কিন্তু এই সমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত হোহঁকা-পিছলা কৰা দেখিবলৈ পোৱা গৈছে। সেয়েহে অপপ্ৰচাৰ তথা ভুৱা খবৰৰ ব্যাপক প্ৰচাৰত নাকী লগাবলৈ চৰকাৰে পক্ষপাতহীন নীতি গ্ৰহণ কৰা উচিত বুলি দাবী উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd