শব্দতকৈ তিনিগুণ বেগত লক্ষ্যবস্তুত আঘাত হানিব পৰা ব্ৰহ্ম’ছ ছুপাৰছ’নিক ক্ৰুইজ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ
ভাৰতে বুধবাৰে সফলভাৱে দীৰ্ঘ দুৰত্বভেদী ব্ৰহ্মোছ ছুপাৰছ’নিক ক্ৰুইজ মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে।
ওড়িশাৰ বালাচোৰৰ সাগৰ তীৰত ভাৰতে থলুৱাভাৱে নিৰ্মিত ব্ৰহ্মোছ ছুপাৰছ’নিক ক্ৰুইজ মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰে।
শেহতীয়াভাৱে পৰীক্ষণ সম্পন্ন কৰা ব্ৰহ্মোজ ছুপাৰছ’নিক ক্ৰুইজ মিছাইলৰ ৪০০ কিলোমিটাৰ দুৰত্বত শব্দতকৈ তিনিগুণ বেগত গৈ আঘাত হানিব পৰা ক্ষমতা আছে।
ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থা চমুকৈ ডি আৰ ডি অ’ৰ বিজ্ঞানী সকলে এই ব্ৰহ্ম’ছ ছুপাৰছ’নিক ক্ৰুইজ মিছাইল প্ৰস্তুত কৰি উলিয়াইছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডি আৰ ডি অ’ৰ বিজ্ঞানী সকলক তেওঁলোকৰ এই সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
”ব্ৰহ্ম’ছ মিছাইলে অন্য এক মাত্ৰা লাভ কৰিলে। বিজ্ঞানী সকলৰ ত্যাগ আৰু সাধনাৰ বাবে কৃতজ্ঞতা,” প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে লিখে।
উল্লেখযোগ্য যে, প্ৰতিবেশী ৰাষ্ট্ৰ চীনৰ সৈতে ভাৰতৰ শেহতীয়া সংঘাতৰ সময়ত ভাৰতৰ ব্ৰহ্ম’ছ মিছাইলৰ সফল পৰীক্ষণে তাৎপৰ্য্য বহন কৰিছে।