ডিজিটেল ষ্ট্ৰাইক! চীনৰ সৈতে সম্পৰ্কৰ অভিযোগত ২০০তকৈও অধিক এপ নিষিদ্ধ কৰিলে কেন্দ্ৰই

প্রতিনিধিত্বমূলক ফটো।

বিগত ২০২০ চনৰ পৰা কেন্দ্ৰই ভাৰতত একাধিকবাৰ বৃহৎ সংখ্যক এপ নিষিদ্ধ কৰিছে। এই সকলোবোৰ এপৰ বিৰুদ্ধে নতুন দিল্লীয়ে চীনৰ যোগাযোগ থকাৰ অভিযোগ কৰিছিল। চীন সীমান্তত সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি হোৱাৰ পিছৰে পৰা  মোডী চৰকাৰে বেইজিংৰ বিৰুদ্ধে এটাৰ পিছত এটা কঠোৰ সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰে। শেহতীয়াকৈ ভাৰতত ২০০ ৰো অধিক এপ নিষিদ্ধ কৰা হ’ল।

দেওবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ভাৰতত ২৩২ টা এপ নিষিদ্ধ বা ব্লক কৰাৰ নিৰ্দেশ দিছে। গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিতৰত ১৩৮ টা বেটিং এপ আৰু ৯৪ টা ঋণ প্ৰদান কৰা এপ আছে।

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মতে, চীনৰ সৈতে সম্পৰ্কৰ অভিযোগৰ ভিত্তিত জৰুৰী ভিত্তিত ভাৰতৰ পৰা এই এপসমূহ নিষিদ্ধ বা ব্লক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ছয় মাহ পূৰ্বে গৃহ মন্ত্ৰালয়ে সমগ্ৰ দেশত ২৮৮ টা চীনা ঋণ এপৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল। ইয়াৰ মাজতে ভাৰতত অফিচিয়েল ষ্টোৰৰ পৰা ৯৪ টা ঋণ এপ ডাউনলোড কৰা হৈছে। বাকী চীনা ঋণ এপবোৰ তৃতীয় পক্ষৰ লিংকৰ পৰা ডাউনলোড কৰা হৈছিল বুলি জনা গৈছে।

বহুক্ষেত্ৰত এই এপবোৰে সাধাৰণ লোকসকলক বৃহৎ পৰিমাণৰ ঋণৰ প্ৰলোভন দি ফান্দত পেলায়। চৰকাৰী বিষয়াসকলে লগতে ধাৰণা কৰে যে প্ৰত্যক্ষ চীনা সংযোগৰ বাবে ভাৰতীয় নাগৰিকৰ ব্যক্তিগত তথ্য এই এপবোৰৰ হাতত পৰাৰ ফলত ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে আপোচ কৰা হৈছে।

শেহতীয়া এক প্ৰতিবেদন অনুসৰি, চীনে এই এপবোৰৰ জৰিয়তে ভাৰতীয়সকলৰ ওপৰত চোৰাংচোৱা চলাই আছে। যিয়ে চীনক ভাৰতীয় নাগৰিকৰ সংবেদনশীল তথ্য প্ৰদান কৰি আছে।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে এই সকলো বোৰ এপৰ মুৰব্বী চীনা নাগৰিক। কিন্তু ভাৰতীয়সকলক কোম্পানীৰ শীৰ্ষ পদত ৰাখি চৰকাৰৰ মনোযোগ আঁতওৱাৰ প্ৰয়াস কৰা হৈছে।

তেলেংগানা, উৰিষ্যা আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যসমূহে ইতিমধ্যে গৃহ মন্ত্ৰালয়ক এই এপসমূহৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আহ্বান জনাইছিল।