• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত স্থাপন ১ মিঃমিঃতকৈ সৰু টিউমাৰ ধৰা পেলাব পৰা প্ৰথম এআই কেন্সাৰ স্কেনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2025 7:30 am
221
VIEWS
Share on FacebookShare on Twitter

ভাৰতত প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা পৰিচালিত এটা অত্যাধুনিক কেন্সাৰ স্ক্যানাৰ আহিছে, যিয়ে ১ মিলিমিটাৰতকৈ সৰু টিউমাৰ ধৰা পেলাব পাৰে। গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত স্থাপন কৰা  যন্ত্ৰই কেন্সাৰৰ প্ৰাৰম্ভিক কোষ চিনাক্ত কৰি টিউমাৰটো কেন্সাৰলৈ ৰূপান্তৰিত হ’ব নে নহয় তথ্য প্ৰদান কৰে। চিকিৎসকসকলৰ মতে, কেন্সাৰ যদি আৰম্ভণিতে ধৰা পৰে, তেন্তে ইয়াক নিৰাময় কৰাটো সম্ভৱ, আৰু এই এআই স্ক্যানাৰে সেই সুবিধা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰিছে। এই যন্ত্ৰই কেন্সাৰ চিনাক্তকৰণৰ ক্ষেত্ৰত এক বিপ্লৱ আনিব বুলি গৱেষকসকলে আশা প্ৰকাশ কৰিছে।

‘অমনি লিজেণ্ড’ নামৰ এই স্কেনাৰটো জি ই হেল্থকেয়াৰ নামৰ এটা কোম্পানীয়ে তৈয়াৰ কৰিছে। ই ‘এডভান্সড ডিজিটেল ডিটেক্টৰ’ প্ৰযুক্তিৰ ওপৰত কাম কৰে আৰু এআই-চালিত এলগৰিদম ব্যৱহাৰ কৰি ১.৪ মিলিমিটাৰতকৈ সৰু টিউমাৰ ধৰা পেলায়। এই যন্ত্ৰই কেৱল টিউমাৰ চিনাক্ত কৰাই নহয়, ইয়াৰ কেন্সাৰৰ সম্ভাৱনাও নিৰ্ণয় কৰিব পাৰে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আই চি এম আৰ)ৰ তথ্য অনুসৰি, ভাৰতত বহু কেন্সাৰ ৰোগীৰ ৰোগ পলমকৈ ধৰা পৰে, যাৰ ফলত মৃত্যুৰ হাৰ বৃদ্ধি পায়। এই স্ক্যানাৰে সেই সমস্যাৰ সমাধান কৰিব পাৰে বুলি বিশ্বাস কৰা হৈছে।

কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ প্ৰায়ে খালী চকুৰে বা সাধাৰণ পৰীক্ষাৰে ধৰা পৰা সম্ভৱ নহয়, আৰু বহু সময়ত টিউমাৰৰ প্ৰকৃতি নিৰ্ণয় কৰাত সময় লাগে। এই এআই স্কেনাৰে অতি ক্ষুদ্ৰ কোষৰ অস্বাভাৱিকতা চিনাক্ত কৰি চিকিৎসাৰ আগতীয়া পথ মুকলি কৰিব। গুৰুগ্ৰামত স্থাপিত এই যন্ত্ৰ সফলভাৱে কাম কৰিলে দেশৰ আন চিকিৎসালয়তো ইয়াক স্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে। গৱেষকসকলৰ মতে, এই প্ৰযুক্তিয়ে কেন্সাৰৰ আগতীয়া নিৰ্ণয়ৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব আৰু ৰোগীৰ জীৱন ৰক্ষাৰ সম্ভাৱনা বৃদ্ধি কৰিব।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd