ফৰাচী মহিলা সাংবাদিকলৈ জাননী জাৰি কৰিছে ভাৰত চৰকাৰে; ঘটনাটো কি?

ফ্ৰান্সৰ মহিলা সাংবাদিক ভেনেছা ডগনেক। ফটোঃ সংগ্ৰহীত।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ফ্ৰান্সৰ মহিলা সাংবাদিক ভেনেছা ডগনেকলৈ জাননী জাৰি কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ নতুন দিল্লী ভ্ৰমণৰ পূৰ্বে এই জাননী জাৰি কৰা হৈছে। মেক্ৰনৰ এই ভ্ৰমণৰ সময়তো বিষয়টোৰ তীব্ৰ চৰ্চা হয়। ভাৰতে শুকুৰবাৰে স্পষ্ট কৰি দিছে যে ভিছা নিয়ম ভংগৰ বাবে এই জাননী জাৰি কৰা হৈছে।

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত কাম কৰা বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয়ে ভেনেছাক এক জাননী জাৰি কৰিছে। ভাৰতে ফ্ৰান্সক জনাইছে যে দিল্লীস্থিত ফৰাচী সাংবাদিকগৰাকীক ভিছাৰ নীতি-নিয়ম উলংঘা কৰাৰ বাবে এই জাননী জাৰি কৰা হৈছে। তেওঁৰ সাংবাদিকতাৰ নীতিৰ বাবে নহয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সাংবাদিকগৰাকীয়ে ভাৰত চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে বাতৰি দিয়াৰ বাবেই এই জাননী জাৰি কৰা হৈছে বুলি দাবী কৰিছিল। মেক্ৰনৰ ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ প্ৰতিনিধি দলৰ সন্মুখত এই বিষয়ত ভাৰতে নিজৰ স্থিতি দাঙি ধৰে। ভিছাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত ভেনেছাক জাননী জাৰি কৰা হৈছিল আৰু ২ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে।

লগতে পঢ়কঃ ভংগ হ’ল ঋষভ পন্থৰ বিশ্ব অভিলেখ; বিশ্বকাপত ১৩ বলতে অৰ্দ্ধশতক কৰা কোন এই বেটছমেন?

আনহাতে, বৈদেশিক পৰিক্ৰমা সচিব বিনয় মোহন কোৱাট্ৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ মাজত হোৱা বাৰ্তালাপৰ বিষয়ে সাংবাদিকক অৱগত কৰে। তেওঁ কয় যে মেক্ৰনৰ ভ্ৰমণৰ পূৰ্বে আৰু ভ্ৰমণৰ সময়ত ফ্ৰান্সৰ পক্ষই এই বিষয়টো আমাৰ দৃষ্টিগোচৰ কৰিছিল। তেওঁ এই বিষয়টোক নিয়মভিত্তিক দৃষ্টিকোণৰ পৰা লোৱাৰ বাবে ফ্ৰান্সক প্ৰশংসা কৰে।

কোৱাট্ৰাই কয় যে যিকোনো ব্যক্তিয়ে যি কৰিবলৈ অনুমতি পাইছে সেয়া কৰিবলৈ স্বাধীন। কিন্তু, ইয়াত বিষয়টো হ’ল ব্যক্তিজনে যিখন দেশত বাস কৰি আছে সেইখন দেশৰ নিয়ম মানি চলিছে নে নাই।

ইপিনে, ভাৰতত কৰ্মৰত ত্ৰিশজন বিদেশী সংবাদদাতাই গভীৰ উদ্বেগ প্ৰকাশ কৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়লৈ এখন স্বাক্ষৰিত পত্ৰ প্ৰেৰণ কৰিছে। তেওঁলোকে কয় যে ভেনেছা ডগনেকে যিকোনো ভুল বুজাবুজি দূৰ কৰিবলৈ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিছে। পত্ৰখনত বিদেশী সাংবাদিকসকলে তেওঁলোকৰ গোচৰসমূহ শীঘ্ৰে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে।

লগতে পঢ়কঃ হায়দৰাবাদত দৰ্পচূৰ্ণ ৰোহিত বাহিনীৰঃ হাৰ্টলীৰ স্পিন ঘূৰ্ণীয়ে ইংলেণ্ডক দিলে আকাংক্ষিত জয়

চিঠিখনত তেওঁলোকে কয় যে ইয়াৰ প্ৰভাৱ কেৱল ভেনেছাৰ জীৱিকাতেই নহয়, তেওঁৰ পাৰিবাৰিক জীৱনতো পৰিব। তেওঁলোকে কয় যে আমি ভাৰত চৰকাৰক অনুৰোধ জনাইছো যে দেশৰ গণতান্ত্ৰিক পৰম্পৰা অনুসৰি এখন স্বাধীন সংবাদপত্ৰৰ কাম-কাজত সুবিধা প্ৰদান কৰক।

পত্ৰখনত স্বাক্ষৰ কৰাসকলৰ ভিতৰত আছে দ্য নিউয়ৰ্ক টাইমছ, লে মণ্ডে, দ্য ৱাশ্বিংটন পোষ্ট, ফ্ৰান্স ২৪, দ্য ইকনমিষ্ট, দ্য গাৰ্ডিয়ান আৰু ফ্ৰান্স টেলিভিছনৰ সাংবাদিক।