৩১ মাৰ্চৰ পৰা কোভিড বিধি প্ৰত্যাহাৰ হ’লেও আঁতৰা নাই কোভিডৰ শংকা

কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনকে ৩১ মাৰ্চৰ পৰা কোভিডৰ সকলো বিধি প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে।

অৱশ্যে মুখা পৰিধানৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই সকলো বাধ্যবাধকতা মানি চলিব লাগিব। ৩১ মাৰ্চৰ পৰা কোভিড বিধি উঠি গ’লেও দেশৰ পৰা আঁতৰা নাই কোভিডৰ আতংক।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ১,৯৩৮ জন লোক নতুনকৈ কোভিড-১৯ ত আক্ৰান্ত হৈছে।

ইয়াকেলৈ ভাৰতৰ মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ৪,৩০,১৪,৬৮৭ লৈ বৃদ্ধি পাইছে।

বিগত ২৪ ঘণ্টাত ভাৰতত কোভিডত মৃত্যু ঘটিছে ৬৭ গৰাকী লোকৰ।

ইয়াকেলৈ দেশত এতিয়ালৈকে কোভিডত মৃত্যু ঘটা লোকৰ চৰকাৰী পৰিসংখ্যা হৈছে ৫,১৬,৬৭২ গৰাকী।

যোৱা ২৪ ঘণ্টাত কোভিডৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যা হৈছে ২,৫৩১ গৰাকী।

এতিয়ালৈকে কোভিডৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,২৪,৭৫,৫৮৮ গৰাকী হৈছে।

টিকাকৰণ অভিযানৰ অধীনত প্ৰদান কৰা টিকাৰ সামগ্ৰিক পালিয়ে ১৮২.২৩ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।
যোৱা ২৪ ঘণ্টাত দেশত মুঠ ৬,৬১,৯৫৪ টা কোভিডৰ পৰীক্ষা কৰা হৈছে।

এতিয়ালৈকে দেশত ৭৮.৪৯ কোটিৰো অধিক লোকৰ কোভিডৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

তথাপি কোভিড ক্ৰমাত দেশৰ পৰা নোহোৱা হৈ পৰিছে বুলি আত্মতুষ্টি লভাৰ সময় হয়তো এতিয়াও হোৱা নাই।

কাৰণ কালান্তক কোভিডে ভাৰতৰ পৰা যে একেবাৰে বিদায় নলয় তাৰেই এক ভয়ংকৰ ইংগিত পোৱা গৈছে শেহতীয়া এক গৱেষণাৰ পৰা।

এই গৱেষণা চলাইছে কানপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান(আইআইটি)য়ে।

গৱেষণাটোত প্ৰকাশ পোৱা মতে চলিত বৰ্ষৰ জুন মাহত কোভিডে দেশত চতুৰ্থৰ ঢৌৰ ৰূপত সংহাৰৰ সৃষ্টি কৰিব।
এই সংহাৰ কিমান ভয়াৱহ হ’ব বা চতুৰ্থ ঢৌৰ সময়ত ক’ৰনা ভাইৰাছে কি ৰূপ ধাৰণ কৰি ত্ৰাস বিয়পাব সেই বিষয়ত গৱেষণাটোৱে কোনো তথ্য প্ৰকাশ কৰা নাই।

দেশত কোভিডৰ চতুৰ্থ ঢৌ কেতিয়াৰ পৰা আৰম্ভ হ’ব তাৰো নিৰ্দিষ্ট দিন বান্ধি দিছে গৱেষণাটোৱে।

গাণিতিক আৰ্হিৰ ওপৰত ভিত্তি কৰি চলোৱা এই গৱেষণা অনুসৰি দেশত কোভিডৰ চতুৰ্থ ঢৌ ২২ জুনত আৰম্ভ হ’ব ।

এই সংহাৰ চাৰি মাহলৈ চলি থাকিব।

গৱেষণাটোৰ মতে কোভিডৰ চতুৰ্থ ঢৌ ২২ জুনত আৰম্ভ হ’ব, ২৩ আগষ্টত সেয়া অধিক তীব্ৰতৰ হৈ পৰিব আৰু সেই ঢৌ ২৪ অক্টোবৰলৈ অব্যাহত থাকিব।

কোভিডৰ চতুৰ্থ ঢৌৱে পূৰ্বৰ দৰে সিমান ক্ষতি সাধন কৰিব নোৱাৰিব বুলিও বহুতে কৈ আহিছে।

বিশেষকৈ ভেকচিন আৰু বুষ্টাৰ পালি গ্ৰহণৰ হাৰ দেশৰ নিৰ্দিষ্ট বয়সৰ লোকৰ মাজত বৃদ্ধি পাব বাবেই কোভিডৰ চতুৰ্থ সংহাৰে হয়তো বিশেষ ক্ষতি সাধিব নোৱাৰিব।

অৱশ্যে বহুৰূপী কোভিডে সময়ত কেনে ৰূপ লয় সেয়া ২২ জুনৰ পিছতহে জানিব পৰা যাব।