• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অথলে গ’ল যশস্বীৰ অদমনীয় যুঁজ; মেলবৰ্ণ টেষ্টত অষ্ট্ৰেলিয়াৰ হাতত ধৰাশায়ী ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 30, 2024 2:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেলবৰ্ণ টেষ্টত পৰাজয়ৰ পৰা হাত সাৰিব নোৱাৰিলে ভাৰতে। যশস্বী-সুন্দৰৰ অদমনীয় যুঁজৰ পিছতো বৃহৎ ব্যৱধানত পৰাস্ত হয় টিম ইণ্ডিয়া। ইয়াৰ লগতে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ১-২ ব্যৱধানত পিছ পৰি থাকিল। দ্বিতীয় ইনিংছ ১৫৫ ৰানতে সমাপ্ত হয় ৰোহিত শৰ্মা বাহিনীৰ। ইয়াৰে কেৱল যশস্বীয়ে অকলে ৮৪ ৰান সংগ্ৰহ কৰে। অৱশেষত ভাৰত ১৮৪ ৰানত পৰাস্ত হয়।

ভাৰতক জয়ী হ’বলৈ ৩৪০ ৰানৰ প্ৰয়োজন হৈছিল। লক্ষ্যটো বৰ সহজ নাছিল। কিন্তু টেষ্টখন বচাবলৈ যুঁজি দিব নোৱাৰিলেনে? যশস্বীৰ বাহিৰে আন কোনোৱে অষ্ট্ৰেলিয়াৰ বলিং চম্ভালিব পৰা নাছিল। তৃতীয় আম্পায়াৰৰ বিতৰ্কিত সিদ্ধান্তত তেওঁ পেভলিয়নলৈ উভতিল। যশস্বী ক্ৰীজত থাকিলে হয়তো মেচখনৰ ফলাফল বেলেগ হ’লহেঁতেন।

Apply Now

কিন্তু বাকীবোৰ? ঋষভ পন্থে যথেষ্ট সময় যুঁজিছিল। সেই বিস্ফোৰক পন্থ নহয়, মেলবৰ্ণৰ পঞ্চম দিনৰ পন্থ লক্ষ্মণৰ শিষ্য পূজাৰাৰ দৰে। কিন্তু ট্ৰেভিছ হেডৰ এটা প্ৰলোভনমূলক বল, আৰু উঠাই মাৰিবলৈ গৈ কেচ আউট। ১২১ ৰান সংগ্ৰহেৰে ভাৰতৰ স্ক’ৰব’ৰ্ড অতি আশ্বস্ত যেন লাগিছিল। আশা কৰা হৈছিল যে, টেষ্টত জয় নহ’লেও অন্ততঃ ড্ৰ’ হ’ব পাৰে যদিও  এদিনীয়াৰ ছন্দত খেলিলে জয়ো অসম্ভৱ নহয়। ঠিক তেতিয়াই পন্থ (৩০) আউট হৈছিল।

অৱশ্যে পুৱাৰে পৰাই এই দুৰ্যোগ আৰম্ভ হয়। মেলবৰ্ণত চতুৰ্থ দিনৰ শেষত অষ্ট্ৰেলিয়াই ৯ উইকেটত ২২৮ ৰান সংগ্ৰহ কৰে। শেষৰ উইকেটত কৰে ৫৫ ৰান। পঞ্চম দিনা অৱশ্যে ইয়াতকৈ বেছি আগবাঢ়িব পৰা নাছিল। শেষত অষ্ট্ৰেলিয়াৰ দ্বিতীয় ইনিংছ ২৩৪ ৰানত স্তব্ধ হৈ পৰে। যশপ্ৰীত বুমৰাহে ৫টা উইকেট দখল কৰে। তথাপিও অষ্ট্ৰেলিয়াই ভাৰতৰ সন্মুখত ৩৪০ ৰানৰ বিশাল লক্ষ্য ৰাখিছিল।

এটা ভাল আৰম্ভণিৰ প্ৰয়োজন আছিল যদিও কামিন্সৰ বল ড্ৰাইভ কৰিবলৈ গৈ ৰোহিতে (৯) উইকেটটো নিক্ষেপ কৰে। সেই অভাৰত কামিন্সে কে এল ৰাহুলক (০) আউট কৰে। দুটা উইকেট হেৰুৱাই ভাৰতত তীব্ৰ চাপত পৰিল। এই পৰিস্থিতিৰ পৰা দেশক উদ্ধাৰৰ দায়িত্ব ল’ব পৰা বিৰাট কোহলীয়ে মাত্ৰ ৫ ৰান সংগ্ৰহ কৰিয়েই উভতি আহে। আৰু সেই একেদৰে অফ ষ্টাম্পৰ বলত স্পৰ্শ কৰি।

তাৰ পৰাই যশস্বী-পন্থ যুটিয়ে ভাৰতৰ ইনিংছ টানিবলৈ ধৰে। কিন্তু পন্থ ঘূৰি অহাৰ লগে লগে ভাৰতৰ বেটিং লাইন আপত কেৱল অহাযোৱাহে দেখা যায়। যশস্বী অকলে থেয় হৈ ৰ’ল। ২ ৰানত উভতি আহে জাডেজা। প্ৰথম ইনিংছত শতকৰ নায়ক নীতিশ কুমাৰ ৰেড্ডীয়ে মাত্ৰ ১ ৰানহে সংগ্ৰহ কৰে। তাৰ পিছত বাংলাদেশৰ তৃতীয় আম্পায়াৰৰ বিতৰ্কিত সিদ্ধান্তত যশস্বী আউট হয়।

খেলখন বচাবলৈ ভাৰতৰ আশা তাতেই শেষ হৈ পৰিল। ৱাশ্বিংটন সুন্দৰে ৪৫টা বলত ৫ ৰান সংগ্ৰহ কৰি এটা দিশ চম্ভালিছিল। কিন্তু যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজৰ আউট হ’বলৈ বেছি সময় নালাগিল। শেষত ১৮৪ ৰানত পৰাস্ত হয় ভাৰত।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰত ১-২ ব্যৱধানত পিছ পৰিলে। পৰৱৰ্তী টেষ্ট ছিডনীত। অন্ততঃ তাত শৃংখলা ড্ৰ’ কৰিবলৈ যুঁজ দিব ৰোহিতৰ টীম ইণ্ডিয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

কাৰ্বি আংলঙত উদ্ধাৰ আহোম যুগৰ বিৰল পাণ্ডুলিপি; উন্মোচিত হ’ব ইতিহাসৰ বহুতো নতুন অধ্যায়

June 14, 2026 8:13 pm
বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

বংগ ভৱনত গেৰুৱা মেজৰ কাপোৰ, বিদ্ৰোহী তৃণমূল সাংসদৰ নৈশভোজত পঞ্চব্যঞ্জনৰ ব্যৱস্থা

June 14, 2026 7:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd