২০০০ চনৰ পৰা ভাৰতত ২৩ লাখ হেক্টৰতকৈ অধিক বনাঞ্চল ধ্বংস : গ্ল’বেল ফৰেষ্ট ৱাচ্চৰ তথ্য

শেহতীয়াকৈ গ্ল’বেল ফৰেষ্ট ৱাচ্চ মনিটৰিং প্ৰজেক্টে প্ৰকাশ কৰা তথ্য অনুসৰি ২০০০ চনৰ পৰা ভাৰতে ২৩.৩ লাখ হেক্টৰ বনাঞ্চল হেৰুৱাইছে, যিটো বৰ্তমান সময়ছোৱাত থকা বনাঞ্চলৰ ছয় শতাংশ হ্ৰাস পোৱাৰ সমতুল্য।

ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি উপগ্ৰহৰ তথ্য আৰু অন্যান্য উৎসৰ জৰিয়তে বাস্তৱ সময়ত বনাঞ্চলৰ পৰিৱৰ্তন অনুসৰণ কৰা গ্ল’বেল ফৰেষ্ট ৱাচ্চে কয় যে ২০০২ চনৰ পৰা ২০২৩ চনলৈকে দেশখনে ৪,১৪,০০০ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল (৪.১ শতাংশ) হেৰুৱাইছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০০১ চনৰ পৰা ২০২২ চনৰ ভিতৰত ভাৰতৰ বনাঞ্চলসমূহে বছৰি ৫ কোটি ১০ লাখ টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰিছিল আৰু ১৪.১ কোটি টন কাৰ্বন ডাই অক্সাইড আঁতৰাইছিল। ভাৰতত গছৰ ক্ষতিৰ ফলত প্ৰতি বছৰে গড়ে ৫১.০ মিলিয়ন টন কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ নিৰ্গত হৈছিল। মুঠতে এই সময়ছোৱাত ১.১২ গিগাটন কাৰ্বন ডাই অক্সাইড নিৰ্গত হৈছিল বুলি প্ৰতিবেদনে সন্দেহ ব্যক্ত কৰিছে।

তথ্য অনুসৰি ২০১৩ চনৰ পৰা ২০২৩ চনলৈ ভাৰতৰ বনাঞ্চলৰ আৱৰণৰ ৯৫ শতাংশ ক্ষতি হৈছে প্ৰাকৃতিক বনাঞ্চলৰ ভিতৰত।২০১৭ চনত সৰ্বাধিক লোকচান হৈছিল ১,৮৯,০০০ হেক্টৰ। ইয়াৰ পূৰ্বে ২০১৬ চনত দেশৰ ১,৭৫,০০০ হেক্টৰ আৰু ২০২৩ চনত ১,৪৪,০০০ হেক্টৰ ভূমিৰ লোকচান হৈছিল, যিটো বিগত ছবছৰৰ ভিতৰত সৰ্বাধিক৷গ্ল’বেল ফৰেষ্ট ৱাচ্চৰ তথ্যনুসৰি ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত মুঠ বনাঞ্চল আৱৰণৰ ক্ষতিৰ ৬০ শতাংশই পাঁচখন ৰাজ্যত সংঘটিত হৈছে।

খাদ্য আৰু কৃষি সংস্থাৰ তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত ভাৰতত বছৰি ৬,৬৮,০০০ হেক্টৰ বনাঞ্চল ধ্বংসৰ হাৰ আছিল, যিটো বিশ্বৰ দ্বিতীয় সৰ্বাধিক।