গণৰাজ্য দিৱসৰ মুখ্য অতিথি হ’ব বৃটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন

ক’ৰ’না মহামাৰীত পৰিণত হোৱা ২০২০ বছৰটো কেইদিনমানৰ ভিতৰতে শেষ হ’ব যদিও চৌদিশে ক’ৰ’নাৰ প্ৰভাৱ কিন্তু এতিয়াও চলিয়েই আছে।

মহামাৰীৰ মাজতেই ৰাজধানী চহৰ দিল্লীত তীব্ৰ ৰূপত চলি আছে অহা ২৬ জানুৱাৰিত হ’বলগীয়া গণৰাজ্য দিৱসৰ প্ৰস্তুতি।

এইবাৰৰ গণৰাজ্য দিৱসৰ বিশেষ অতিথিৰূপে উপস্থিত থাকিব বৃটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছন। জানিব পৰা মতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই বৰিছ জনছক গণৰাজ্য দিৱসত উপস্থিত থাকিবলৈ নিমন্ত্ৰণ জনাইছে।

ইফালে প্ৰধান মন্ত্ৰী মোদীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে বৃটেইনে। বৃটিছ উচ্চায়ুক্তই এই কথা জানিবলৈ দিয়ে।

জানিব পৰা মতে, ফোনযোগে হোৱা বাৰ্তালাপত দুয়োগৰাকী প্ৰধান মন্ত্ৰীয়ে বিভিন্ন বিষয়তো আলোচনা কৰে।

ইফালে বৰিছ জনছনে অহা বছৰ হ’বলগীয়া জি-৭ শিখৰ সন্মিলনৰ বাবে প্ৰধান মন্ত্ৰী মোদীক বৃটেইনলৈ নিমন্ত্ৰণ জনায়।

উল্লেখ্য যে প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা ২৭ নৱেম্বৰত এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিছিল।

তেওঁ টুইটটোত কৈছিল যে আগন্তুক দশকত ভাৰত-বৃটেইনৰ সম্বন্ধ সন্দৰ্ভত আমাৰ মিত্ৰ য়ুকেৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ সৈতে উৎকৃষ্ট আলোচনা কৰিলো।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বৃটেইনৰ প্ৰধান মন্ত্ৰী হিচাপে জন মেজৰে ১৯৯৩ চনত গণৰাজ্য দিৱস উপলক্ষ্যে ভাৰতলৈ আহিছিল।