NORTHEAST NOW (Assamese)

মালদ্বীপৰ সৈতে ৫০ মিলিয়ন মাৰ্কিন ড’লাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

February 21, 2021 2:38 pm · এন ই নাও নিউজ

মালদ্বীপৰ সৈতে ৫০ মিলিয়ন মাৰ্কিন ড’লাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰিছে  ভাৰতে। ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এই কথা সদৰী কৰিছে।

মালদ্বীপৰ সৈতে প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰি দেওবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে কয় যে ভাৰত সদায় দ্বীপৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষাৰ বিশ্বস্ত সহযোগী হৈ থাকিব। নতুন দিল্লীয়ে সামুদ্ৰিক সক্ষমতা গঢ়ি তোলাৰ সংকল্পৰেৰে দ্বীপ ৰাষ্ট্ৰখনৰ সৈতে ৫০মিলিয়ন মাৰ্কিন ড’লাৰ লাইন অৱ ক্ৰেডিট চুক্তি স্বাক্ষৰ কৰিছে।

দুদিনীয়া ভ্ৰমণেৰে মালদ্বীপলৈ যোৱা ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শকংৰে এই সম্পৰ্কে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে আলোচনা কৰাৰ কথা নিজা টুইটাৰ একাউন্টত টুইট কৰি সদৰী কৰিছে।

“প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে আমাৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কীয় মত বিনিময় হয়। ভাৰত সদায় মালদ্বীপৰ বাবে এক বিশ্বস্ত নিৰাপত্তা অংশীদাৰ হৈ থাকিব।” বৈদেশিক মন্ত্ৰী জয়শংকৰে টুইট কৰি কয়।

“মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে ইউটিএফ হাৰ্বাৰ চুক্তি কৰি আমি আনন্দিত। ই মালদ্বিভিয়ান উপকূলৰক্ষীৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে আঞ্চলিক এইচএডিআৰ প্ৰচেষ্টাক সহজ কৰি তুলিব। এই প্ৰচেষ্টা হৈছে বিকাশৰ সহযোগিতা, নিৰাপত্তাৰ সহযোগিতা।” তেওঁ পুনৰ কয়।

Related News