• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত মানসিক স্বাস্থ্য সেৱা অধিক সুদৃঢ় কৰিব কেন্দ্ৰীয় চৰকাৰে; ৰাজ্যসভাত গুৰুত্বপূৰ্ণ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:43 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা মানসিক স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। বুধবাৰে ৰাজ্যসভাত মহিলা আৰু শিশু বিকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য কাৰ্যসূচীৰ (NMHP) অধীনত দেশজুৰি মানসিক স্বাস্থ্য সেৱা অধিক সুদৃঢ় কৰাৰ ব্যৱস্থা কৰা হৈছে, য’ত বিশেষভাৱে প্ৰসৱোত্তৰ মাতৃসকলকো সামৰি লোৱা হৈছে। দেশৰ প্ৰতিগৰাকী নাগৰিকৰ মানসিক সুস্বাস্থ্য নিশ্চিত কৰাৰ লক্ষ্যৰেই চৰকাৰে এই পদক্ষেপ হাতত লৈছে।

ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত ইতিমধ্যে দেশৰ ৭৬৭খন জিলাত জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী (DMHP) কাৰ্যকৰী কৰিবলৈ অনুমোদন জনোৱা হৈছে। এই কাৰ্যসূচীৰ অধীনত সমূহীয়া স্বাস্থ্য কেন্দ্ৰ (CHC) আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (PHC) পৰ্যায়ত বহিঃবিভাগৰ সেৱা, ৰোগ নিৰ্ণয়, পৰামৰ্শদান, মানসিক-সামাজিক হস্তক্ষেপ, জৰুৰীকালীন ঔষধ, এম্বুলেন্সৰ সুবিধা আৰু গুৰুতৰ মানসিক ৰোগীৰ বাবে নিৰন্তৰ যতনৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও জিলা পৰ্যায়ত ১০খন বিচনাযুক্ত চিকিৎসালয়ৰ সুবিধাও উপলব্ধ কৰোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

Apply Now

কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশৰ ১.৮৩ লাখৰো অধিক উপ-স্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’লৈ উন্নীত কৰিছে। মন্ত্ৰী সাবিত্ৰী ঠাকুৰে জানিবলৈ দিয়ে যে এই আয়ুষ্মান আৰোগ্য মন্দিৰসমূহত প্ৰদান কৰা বিস্তৃত প্ৰাথমিক স্বাস্থ্য সেৱাৰ পেকেজত এতিয়াৰে পৰা মানসিক স্বাস্থ্য সেৱাও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ সমান্তৰালভাৱে, চিকিৎসা শিক্ষাত মানসিক স্বাস্থ্যৰ দিশটোক গুৰুত্ব দি কেন্দ্ৰীয় চৰকাৰে ২৫টা উৎকৰ্ষ কেন্দ্ৰ (Centres of Excellence) স্থাপনৰ অনুমোদন জনাইছে, যাতে স্নাতকোত্তৰ পৰ্যায়ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি কৰিব পৰা যায় আৰু উন্নত পৰ্যায়ৰ চিকিৎসা সুবিধা প্ৰদান কৰিব পৰা যায়। লগতে, দেশৰ ১৯খন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ ৪৭টা স্নাতকোত্তৰ বিভাগক মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত অধিক শক্তিশালী কৰাৰ বাবেও চৰকাৰে বিশেষ সাহায্য প্ৰদান কৰিছে।

বৰ্তমান সমগ্ৰ দেশত ৪৭খন চৰকাৰী মানসিক চিকিৎসালয় আছে। ইয়াৰ ভিতৰত বেংগালুৰুৰ নিমহান্স (NIMHANS), অসমৰ তেজপুৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH) আৰু ৰাঁচীৰ কেন্দ্ৰীয় মনোৰোগ প্ৰতিষ্ঠানৰ (CIP) দৰে তিনিখন সৰ্বভাৰতীয় পৰ্যায়ৰ কেন্দ্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠান অন্যতম। ইয়াৰ লগতে সকলো এইমছতে (AIIMS) মানসিক স্বাস্থ্য সেৱাৰ সুবিধা সুনিশ্চিত কৰা হৈছে। দেশৰ যিকোনো প্ৰান্তৰ পৰা যাতে ৰোগীয়ে উন্নত মানৰ মানসিক স্বাস্থ্যৰ পৰামৰ্শ লাভ কৰিব পাৰে, তাৰ বাবে চৰকাৰে ‘ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী’ নামৰ এক অভিনৱ প্ৰকল্পও মুকলি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd