ভাৰতৰ বন সংৰক্ষণৰ আইনী সুৰক্ষাক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে (MoEFCC) এক বিতৰ্কিত পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়া এক সংশোধনীৰ জৰিয়তে চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক বৃক্ষৰোপণৰ বাবে দেশৰ বনাঞ্চলৰ দুৱাৰ মুকলি কৰি দিয়া হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই প্ৰক্ৰিয়াত পূৰ্বৰ দৰে কোনো এককালীন আৰ্থিক ক্ষতিপূৰণ বা ‘নেট প্ৰেজেণ্ট ভেলু’ (NPV) আৰু ক্ষতিপূৰণমূলক বনানীকৰণৰ (Compensatory Afforestation) দৰে চৰ্তসমূহক সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে। এতিয়াৰ পৰা এনে বাণিজ্যিক বৃক্ষৰোপণক ‘অ-বনজ’ৰ পৰিৱৰ্তে ‘বনজ কৰ্মকাণ্ড’ (Forestry Activity) হিচাপে গণ্য কৰা হ’ব, যিয়ে বিশেষজ্ঞসকলৰ মতে দেশৰ বনাঞ্চলৰ পৰিৱেশগত ভাৰসাম্যৰ প্ৰতি তীব্ৰ সংকট কঢ়িয়াই আনিব।
পূৰ্বতে ‘বন সংৰক্ষণ আইন’ (FCA) হিচাপে পৰিচিত আৰু বৰ্তমানৰ ‘বন (সংৰক্ষণ আৰু সংবৰ্ধন) অধিনিয়ম’ৰ অধীনত ২০২৩ চনত যি নীতি-নিৰ্দেশনা জাৰী কৰা হৈছিল, যোৱা ২ জানুৱাৰীত মন্ত্ৰালয়ে এক সংশোধনীৰ জৰিয়তে সেইসমূহৰ পৰিৱৰ্তন ঘটায়। এই পদক্ষেপক ‘বিপজ্জনক‘ আখ্যা দি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, এই সংশোধনীৰ ফলত ৰাজ্যিক আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক কোনো ধৰণৰ আৰ্থিক বা পৰিৱেশগত সুৰক্ষাৰ চৰ্ত অবিহনেই বনাঞ্চলত বাণিজ্যিক বৃক্ষৰোপণ কৰাৰ অবাধ স্বাধীনতা প্ৰদান কৰা হৈছে।
সংশোধনী অনুসৰি, এনে বৃক্ষৰোপণসমূহ সংশ্লিষ্ট ৰাজ্যিক বন বিভাগে প্ৰস্তুত কৰা কাৰ্যবাহী আৰু ব্যৱস্থাপনা পৰিকল্পনাৰ দ্বাৰা অনুমোদিত হ’ব লাগিব। ৰাজ্য চৰকাৰক বৃক্ষৰোপণৰ পৰা হোৱা ‘ব্যৱহাৰ’ আৰু ‘ৰাজহ ভাগ-বতৰা’ৰ বাবে এটা গাঁথনি প্ৰস্তুত কৰিবলৈ কোৱা হৈছে।
উল্লেখ্য যে, ২০২৫ চনৰ ২ ডিচেম্বৰত মন্ত্ৰালয়ৰ অধীনস্থ বন উপদেষ্টা সমিতিৰ পৰামৰ্শৰ পিছত ভাৰতৰ “আমদানিকৃত পাল্প, কাগজ আৰু পেপাৰবৰ্ডৰ ওপৰত বৃদ্ধি পোৱা নিৰ্ভৰশীলতা” হ্ৰাস কৰাৰ বাবে এই সংশোধনী কৰা হৈছে। বাণিজ্য মন্ত্ৰালয়ৰ তথ্য উল্লেখ কৰি ভাৰতীয় কাগজ নিৰ্মাতা সন্থাই (IPMA) ২০২৫ চনৰ মে’ মাহত জনাইছিল যে ২০২৪-২৫ বৰ্ষত কাগজ আৰু পেপাৰবৰ্ডৰ আমদানি ২.০৫ নিযুত টন স্পৰ্শ কৰিছে, যিটো ২০২০-২১ চনৰ ১.০৮ নিযুত টন আমদানিৰ তুলনাত প্ৰায় দুগুণ বেছি।
ক্ষয়প্ৰাপ্ত বন এলেকাত বৃক্ষৰোপণৰ অনুমতি বিচাৰি কেইবাখনো চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা মন্ত্ৰালয়ে অনুৰোধ লাভ কৰিছিল। এই অনুৰোধসমূহৰ পৰিপ্ৰেক্ষিতত সমিতিখনে যুক্তি দিছিল যে বাণিজ্যিক কাঠ আৰু ইউকেলিপ্টাছৰ দৰে শস্যৰ বৃক্ষৰোপণৰ ওপৰত থকা বৰ্তমানৰ নিষেধাজ্ঞাই “বন পুনৰুদ্ধাৰ”ৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে।
সমিতিৰ পৰামৰ্শৰ ভিত্তিত মন্ত্ৰালয়ে ২ জানুৱাৰীত ২০২৩ চনৰ নীতি-নিৰ্দেশনাৰ এটা সংশোধনী জাৰী কৰে। ‘নিউজলেণ্ড্ৰী’য়ে পৰ্যবেক্ষণ কৰা নিৰ্দেশটোত ঘোষণা কৰা হৈছে যে যদি কোনো ৰাজ্য চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতে পাৰস্পৰিকভাৱে সন্মত হোৱা উদ্দেশ্যৰ বাবে “বনানীকৰণ বা বৃক্ষৰোপণসহ সহায়ক প্ৰাকৃতিক পুনৰুজ্জীৱন” কৰিবলৈ সন্মত হয়, আৰু যদি এনে কাৰ্যকলাপ অনুমোদিত “কাৰ্য পৰিকল্পনা বা ব্যৱস্থাপনা পৰিকল্পনা” অনুসৰি ৰাজ্যিক বন বিভাগৰ তত্ত্বাৱধানত সম্পন্ন কৰা হয়, তেন্তে ইয়াক ‘বনজ কৰ্মকাণ্ড’ হিচাপে গণ্য কৰা হ’ব। সংশোধনীটোত স্পষ্টকৈ কোৱা হৈছে যে, “ফলস্বৰূপে, এনে কাৰ্যকলাপৰ ক্ষেত্ৰত ক্ষতিপূৰণমূলক বনানীকৰণ আৰু নেট প্ৰেজেণ্ট ভেলু (NPV) পৰিশোধৰ প্ৰয়োজনীয়তা প্ৰযোজ্য নহ’ব।”
ইয়াৰ দ্বাৰা চৰকাৰে ২০২৩ চনৰ নীতি-নিৰ্দেশনাৰ ৭.২ অনুচ্ছেদৰ ১৪ নম্বৰ উপ-অনুচ্ছেদ সংশোধন কৰিলে, যিটোৱে বনানীকৰণৰ বাবে বনভূমি লীজত দিয়াৰ বিষয়টো চোৱাচিতা কৰে। পূৰ্বতে এই ১৪ নম্বৰ উপ-অনুচ্ছেদৰ অধীনত বাণিজ্যিক বৃক্ষৰোপণক “অ-বনজ কৰ্মকাণ্ড” হিচাপে গণ্য কৰা হৈছিল আৰু ইয়াৰ বাবে ক্ষতিপূৰণমূলক বনানীকৰণ আৰু নেট প্ৰেজেণ্ট ভেলু তথা ক্ষতিপূৰণমূলক বনানীকৰণৰ প্ৰয়োজন হৈছিল। নিয়ম অনুসৰি, ক্ষতিপূৰণমূলক বনানীকৰণৰ অধীনত যিকোনো ব্যৱহাৰকাৰী সংস্থাই বনভূমিৰ অন্য কামত ব্যৱহাৰৰ সলনি বিকল্প বনানীকৰণ কৰিব লাগে। আনহাতে, অ-বনজ ব্যৱহাৰৰ বাবে বনভূমি স্থানান্তৰ কৰাৰ বাবদ সংস্থাই এক বাধ্যতামূলক ধন (NPV) বিধিবদ্ধ সংস্থা ‘কেম্পা‘ক (CAMPA) পৰিশোধ কৰিব লাগে।
পৰিৱেশ অধিবক্তা ঋত্বিক দত্তই কয় যে ২০২৩ চনৰ নীতি-নিৰ্দেশনাৰ এই সংশোধনী জৈৱ-বৈচিত্ৰ্য সুৰক্ষাৰ পৰিপন্থী। তেওঁৰ মতে, “ইয়াৰ ফলত বনভূমি বাণিজ্যিক বৃক্ষৰোপণৰ বাবে মুকলি হ’ব, যিবোৰ এসময়ত কেৱল সংৰক্ষণমূলক বনানীকৰণৰ বাবেহে ব্যৱহাৰ কৰা হৈছিল। এয়া জৈৱ-বৈচিত্ৰ্য সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ সৈতে স্পষ্টকৈ সংঘাতপূৰ্ণ।
প্ৰাক্তন আই এফ এছ (IFS) বিষয়া প্ৰকৃতি শ্ৰীবাস্তৱেও এনে “ঋণাত্মক” সংশোধনীক লৈ উদ্বেগ প্ৰকাশ কৰি কয়, “আগতে বনভূমি লীজত দিয়াটোক অ-বনজ কাৰ্যকলাপ হিচাপে গণ্য কৰা হৈছিল য’ত NPV আৰু ক্ষতিপূৰণমূলক বনানীকৰণ বাধ্যতামূলক আছিল। এতিয়া এই দুয়োটা চৰ্ত আঁতৰাই দেশৰ সংৰক্ষণ আৰু পৰিৱেশগত সুৰক্ষাৰ বিনিময়ত কেৱল প্ৰকল্প প্ৰৱৰ্তকসকলক সুবিধা প্ৰদান কৰা হৈছে।”
সংশোধনীয়ে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহক বাণিজ্যিকভাৱে বৃক্ষৰোপণ আৰু উৎপাদনৰ অনুমতি দিছে যদিও ৰাজহ ভাগ-বতৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত এৰিছে। চৰকাৰৰ সংৰক্ষণ প্ৰচেষ্টাৰ সৈতে জড়িত এজন বিষয়াই উদ্বেগ প্ৰকাশ কৰি কয় যে ব্যক্তিগত পক্ষৰ প্ৰৱেশে ‘মনো-কালচাৰ’ (monoculture) বা একজাতীয় বৃক্ষৰোপণক উৎসাহিত কৰি বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস কৰিব। তেওঁৰ মতে, “সৰ্বাধিক লাভৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানবোৰে থলুৱা প্ৰজাতিৰ সলনি ইউকেলিপ্টাছ বা চেগুনৰ দৰে দ্ৰুতবেগী বাণিজ্যিক গছহে ৰোপণ কৰিব। এটা বৃক্ষৰোপণ কেতিয়াও এখন অৰণ্য হ’ব নোৱাৰে; কাৰণ ইয়াত বন্যপ্ৰাণীৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক পৰিৱেশৰ অভাৱ থাকে।”
প্ৰাক্তন বন বিষয়া আৰ পি বালৱানে ইয়াক এক “বিনাশকাৰী পদক্ষেপ” বুলি অভিহিত কৰিছে। একেদৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশেও মোদী চৰকাৰক সমালোচনা কৰি কয় যে এই সংশোধনীয়ে বন ব্যৱস্থাপনা ব্যক্তিগতকৰণৰ পথ প্ৰশস্ত কৰিছে। উল্লেখযোগ্য যে, বন অধিনিয়মৰ ধাৰা ৩চি (3C)-এ কেন্দ্ৰীয় চৰকাৰক সংসদীয় তদাৰক অবিহনেই যিকোনো সংশোধনী কৰাৰ ক্ষমতা প্ৰদান কৰে। ‘নিউজলেণ্ড্ৰী’য়ে এই সন্দৰ্ভত মন্ত্ৰালয়ৰ পৰা সঁহাৰি বিচাৰিছিল যদিও এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই।





