NORTHEAST NOW (Assamese)

গিলগিট-বাল্টিস্তানত চীন-পাকিস্তানে বনাবলগীয়া নদীবান্ধৰ তীব্ৰ বিৰোধিতা ভাৰতৰ

May 15, 2020 7:59 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

চীন আৰু পাকিস্তানে গিলগিট-বাল্টিস্তানৰ সিন্ধু নদীত বনাবলগীয়া দাইমাৰ-ভাষা নদীবান্ধৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰতে।

‘‘আমি পাকিস্তান আৰু চীনৰ ওচৰত ক্ৰমাগতভাৱে পাকিস্তানে অনৈতিকভাৱে দখল কৰি থকা ভাৰতৰ ভূমিত নিৰ্মাণ কৰি থকা এনে প্ৰকল্পৰ বিৰোধিতা কৰি আহিছো,’’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে পাকিস্তানে দখল কৰি থকা গিলগিট-বাল্টিস্তানৰ বতৰৰ বাতৰি দি উক্ত স্থান যে ভাৰতৰ অন্তৰ্ভূক্ত সেয়া প্ৰকাশ কৰিছিল।

ভাৰতে গিলগিট-বাল্টিস্তান নিজৰ বুলি দাবী কৰি থকাৰ সময়তে প্ৰতিবেশী চীনে এই ক্ষেত্ৰত প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

চীনে উক্ত স্থানৰ মাজেৰে পাকিস্তান সংযোগী অৰ্থনৈতিক ক’ৰিডৰ নিৰ্মাণ কৰি আছে চীনে।

কিছু দিন পূৰ্বে চীনা সৈন্যই ভাৰতৰ সীমান্ত অঞ্চলত আগ্ৰাসী মনোভাৱ প্ৰকাশ কৰিছিল।

ছিকিম সীমান্তত ভাৰত আৰু চীনা সৈন্যৰ মাজত হতা-হতি চলাৰ বিপৰীতে লাডাখৰ আকাশ মাৰ্গতো চীনা সৈন্যৰ হেলিকপ্তাৰ চলিছিল যদিও ভাৰতীয় বায়ু সেনা বাহিনীৰ বিমানে চীনা হেলিকপ্তাৰক খেদি পঠাইছিল।

Related News