ব্ৰিটেইনক অতিক্ৰম কৰি ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণতঃ ব্লুমবাৰ্গৰ প্ৰতিবেদন

ভাৰতৰ অৰ্থনীতিকলৈ বিভিন্ন জনে ভিন্ন মত প্ৰকাশ কৰি আহিছে।ব্ৰিটেইনক অতিক্ৰম কৰি ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হোৱা বুলি দাবী কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থাই।আইএমএফৰ অনুমান অনুসৰি ভাৰতে ব্ৰিটেইনক অতিক্ৰম কৰি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে আৰু এতিয়া কেৱল আমেৰিকা যুক্তৰাজ্য, চীন, জাপান আৰু জাৰ্মানীৰ পিছত ভাৰত আছে। এক দশক আগতে, ভাৰত বৃহৎ অৰ্থনীতিৰ ভিতৰত ১১ তম স্থানত আছিল আৰু ব্ৰিট্এন পঞ্চম স্থানত আছিল। এপ্ৰিল-জুন তিনিমাহত অভিলেখ সম্প্ৰসাৰণৰ সৈতে ভাৰতীয় অৰ্থনীতিয়ে এতিয়া ব্ৰিটেইনক অতিক্ৰম কৰিছে, ।

ব্ৰিটেইন এতিয়া ষষ্ঠ স্থানলৈ পিছুৱাই গৈছে। ব্লুমবাৰ্গে আই.এম.এফৰ. ডাটাবেচ ব্যৱহাৰ কৰি গণনা কৰি ভাৰতৰ স্থিতিৰ বিষয়ে প্ৰতিবেদন প্ৰকাশ কৰিছে। , তিনিমাহত ভাৰতীয় অৰ্থনীতিৰ জিডিপি আছিল ৮৫৪.৭ বিলিয়ন। ব্ৰিটেইনৰ আছিল ৮১৬ বিলিয়ন ডলাৰ।

ইপিনে ভাৰতৰ অথনৈতিক বিকাশ সন্দভত বহু প্ৰতিষ্ঠানে প্ৰতিবেদন প্ৰকাশ কৰিছে। ভাৰতৰ অৰ্থনীতিয়ে এতিয়া বিশ্বৰ বহু আগশাৰীৰ দেশৰ সৈতে ফেৰ মাৰিব পৰা হৈছে। এই গতিত আগুৱাই গৈ থাকিলে ২০৪৭ চনৰ ভিতৰত ভাৰত উচ্চ আয়ৰ দেশত পৰিণত হ’ব।প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে আজি এই সম্ভাৱনাৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে অহা ২৫ বছৰত গড় বাৰ্ষিক বৃদ্ধি ৭-৭.৫ শতাংশ হ’লে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ ২০ হাজাৰ বিলিয়ন ডলাৰ (২০ ট্ৰিলিয়ন ডলাৰ) পৰ্যন্ত হ’ব। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেৱৰয়ে ‘ড্ৰাফট কম্পিটিটিভনেছ ১০০ ফৰ ইণ্ডিয়া’ শীৰ্ষক অৰ্থনৈতিক খচৰা মুকলি কৰি কয় যে, যদিহে আগন্তুক ২৫ বছৰত দেশখন গড়ে ৭-৭.৫ শতাংশ অৰ্থনৈতিক বিকাশৰ হাৰত আগবাঢ়ে তেন্তে দেশৰ জনমূৰি বাৰ্ষিক আয় ১০ হাজাৰ মাৰ্কিন ডলাৰৰ অধিক হ’ব ।

তেওঁ কয় যে, ২০৪৭ চনৰ ভিতৰত ভাৰত উচ্চ মানৱ উন্নয়ন শ্ৰেণীৰ দেশসমূহত ভিতৰত অন্তৰ্ভুক্ত হ’ব ।তেওঁ লগতে কয় যে, বৰ্তমান সময়ত ভাৰত হৈছে বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতি যাৰ মুঠ ঘৰুৱা উৎপাদন ২,৭০০ বিলিয়ন মাৰ্কিন ডলাৰ । বৰ্তমান দেশখন উন্নয়নশীল দেশৰ শ্ৰেণীত অন্তৰ্ভূক্ত কৰা হৈছে । ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নয়নশীল দেশ হিচাপে গঢ়ি তোলাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।ইণ্ডিয়া ১০০ৰ বাবে প্ৰতিযোগিতামূলক ৰোডমেপ অধ্যাপক মাইকেল ই. পোৰ্টাৰৰ বিকশিত আৰ্হিৰ ওপৰত আধাৰিত।