• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ চীনৰ; অৰুণাচলত প্ৰত্যুত্তৰৰ পৰিকল্পনা ভাৰতৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 8:48 am
197
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিব্বতৰ পৰা উৎপত্তি হোৱা ইয়াৰলুং ছাংপো নদীৰ তলৰ অৱবাহিকাত চীনে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ কৰি আছে। অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই প্ৰকল্পৰ বিৰুদ্ধে ভাৰতে ওলোটা পদক্ষেপ আৰম্ভ কৰিছে। চীনৰ বান্ধৰ প্ৰতি সঁহাৰি জনাই অৰুণাচলত ‘চিয়াং উজনি বহুমুখী প্ৰকল্প’ বা ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰজেক্ট (SUMP) আৰম্ভ কৰা হৈছে।

এই প্ৰস্তাৱিত বান্ধটোৱে ১১ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ লগতে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যদিহে এই প্ৰকল্প কাৰ্যকৰী হয় তেন্তে ই হ’ব ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ শক্তি কেন্দ্ৰ। ভাৰতে এই প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে যদিও চীনৰ বান্ধটোৱে ভাৰতত গুৰুতৰ প্ৰভাৱ পেলাব বুলি আশংকা কৰা হৈছে।

Apply Now

ইয়াৰ পূৰ্বে চীনে তিব্বতত এই বান্ধ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। চোৰাংচোৱা বিভাগৰ মতে, যোৱা কেইমাহমানত তেওঁলোকে এই বান্ধ নিৰ্মাণৰ কাম বহুখিনি আগুৱাই লৈ গৈছে। সীমান্ত অঞ্চলত চীনে নিৰ্মাণ কৰা এই বান্ধটোক লৈ ভাৰত চৰকাৰ যথেষ্ট চিন্তিত।

চীনে এই বান্ধ নিৰ্মাণ কৰি থকা ইয়াৰলুং ছাংপো নদীৰ উৎপত্তি তিব্বতত। তাৰ পিছত অৰুণাচল প্ৰদেশত নদীখনৰ নাম হৈছে ছিয়াং। তাৰ পৰাই অসমত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ হিচাপে বাংলাদেশত প্ৰৱেশ কৰে।

ভাৰতৰ লাখ লাখ মানুহৰ জীৱিকা এই নদীখনক কেন্দ্ৰ কৰিয়েই আছে। চীনে যদি বান্ধটো নিৰ্মাণ কৰে তেন্তে গ্ৰীষ্মকালত নিম্ন অৱবাহিকাৰ পানী ৮৫ শতাংশ পৰ্যন্ত হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত ভাৰত আৰু বাংলাদেশতো কৃষি আৰু উদ্যোগত প্ৰভাৱ পৰিব। ইয়াৰ লগতে পলস পৰিবহণ ব্যাহত হ’ব, যাৰ ফলত পৰিৱেশৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব।

তদুপৰি যিহেতু ব্ৰহ্মপুত্ৰৰ মূল নিয়ন্ত্ৰণ চীনৰ হাতত থাকিব, গতিকে চীনে বিভিন্ন দিশৰ পৰা ভাৰতক বিপদত পেলোৱাৰ সুযোগ পাব। কিন্তু বেইজিঙে এই বান্ধৰ মূল উদ্দেশ্য বিদ্যুৎ উৎপাদন বুলি উল্লেখ কৰিছে। ইয়াৰ দ্বাৰা আন কোনো দেশৰ কোনো ক্ষতি নহ’ব। কিন্তু ভাৰতে কোনো ধৰণৰ ৰিস্ক ল’বলৈ অনিচ্ছুক।

বেইজিঙৰ প্ৰতিটো পদক্ষেপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ উপৰিও ভাৰতে কৌশলগতভাৱে ইয়াৰ প্ৰতি সঁহাৰি জনোৱাৰ উপায় প্ৰস্তুত কৰি আছে। কেন্দ্ৰই লোকসভাক লিখিতভাৱে জনাইছে যে, “চীনে জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা আৰু ব্ৰহ্মপুত্ৰ নদী অৱবাহিকাৰ সৈতে জড়িত সকলো কাম-কাজৰ ওপৰত নজৰ ৰখা হৈছে।” নদীৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

আন্তঃসীমান্ত নদী প্ৰকল্পৰ ক্ষেত্ৰত স্বচ্ছতা, তথ্য বিনিময় আৰু পূৰ্বৰ পৰামৰ্শৰ সন্দৰ্ভত এই বিষয়ত বেইজিঙক অহৰহ হেঁচা প্ৰয়োগ কৰি আহিছে দিল্লীয়ে। কিন্তু ইয়াৰ পৰা কোনো বিশেষ ফল পোৱা নাই। এনে পৰিস্থিতিত ভাৰতেও ‘এছইউএমপি’ প্ৰকল্পৰ সৈতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

এই নতুন প্ৰকল্পত ভাৰতে বছৰি ১১ হাজাৰ মেগাৱাট বা ৪৭ বিলিয়ন ইউনিট বিদ্যুৎ উৎপাদন কৰিব। ইয়াৰ ব্যয় ১.৫ লাখ কোটি। ইয়াৰ উপৰিও এই প্ৰকল্পটো এনেদৰে ডিজাইন কৰা হৈছে যাতে বান নিয়ন্ত্ৰণ আৰু পানীৰ প্ৰবাহৰ গতিপথ সলনি কৰাৰ ফলত উদ্ভৱ হোৱা বিপদসমূহ নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই প্ৰকল্পটো কেৱল আৰ্থিকভাৱেই নহয় ভূ-ৰাজনৈতিক দিশতো অতি গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষত দোষী সাব্যস্ত; তিহাৰতে মৃত্যু প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰৰ

August 21, 2026 8:36 am
আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

আদালত চৌহদতে গুলীত থকাসৰকা কুখ্যাত গেংষ্টাৰ; বিয়পি পৰিল আতংক

August 21, 2026 7:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd