NORTHEAST NOW (Assamese)

অহা ১ ছেপ্তেম্বৰত ভাৰতীয় ডাকসেৱাৰ অধীনত অসমতো মুকলি হ’ব ইণ্ডিয়া প’ষ্ট পেমেণ্ট বেংক

August 30, 2018 5:50 pm · কল্পজ্যোতি শইকীয়া
Updated: August 30, 2018 5:53 pm
গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অনুষ্ঠিত এক সংবাদমেলত ভাৰতীয় ডাক বিভাগৰ অসম চাৰ্কোলৰ চীফ পোষ্টমাষ্টাৰ জেনেৰেল বৈশৱপৱন পতি। ফটো : নৰ্থইষ্ট নাও

অহা ১ ছেপ্তেম্বৰৰ দিনা সমগ্ৰ ভাৰতৰ লগতে অসমতো মুকলি হ’ব ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংক ( India Post payment bank)। অসমৰ মুঠ ২৬ খন জিলাত এই বেংকৰ শাখাসমূহ থাকিব। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত ভাৰতীয় ডাক বিভাগৰ অসম চাৰ্কোলৰ চীফ পোষ্টমাষ্টাৰ জেনেৰেল বৈশৱপৱন পতিয়ে এই কথা জানিবলৈ দিয়ে।

অহা ১ ছেপ্তেম্বৰৰ দিনা বিয়লি ২: ৩০ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই পেমেণ্ট বেংক উন্মোচন কৰিব। চীফ পোষ্টমাষ্টৰ জেনেৰেল পতিয়ে জানিবলৈ দিয়া মতে এই উন্মোচনী অনুষ্ঠানত ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগতে গুৱাহাটী সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীও উপস্থিত থাকিব।

চীফ পোষ্টমাষ্টাৰ জেনেৰেল বৈশৱপৱন পতিয়ে সংবাদমেলত জানিব দিয়ে যে অসমৰ মুঠ ১৩০ টা ডাকঘৰত এই বেংকৰ উপ শাখাসমূহ থাকিব। তদুপৰি, ইয়াৰ বাবে ক্ৰেডিট কাৰ্ড অথবা ডেবিট কাৰ্ড নাথাকিব যদিও কিউ আৰ কাৰ্ডেৰে লেনদেন কৰিব পাৰিব ডাকঘৰৰ গ্ৰাহকসকলে।

আনহাতে, ক্ষুদ্ৰ ব্যৱসায়ী সকলে এই বেংকৰ দ্বাৰা নগদ নিয়ন্ত্ৰণৰ লগতে কৰ্মচাৰীসকলক ডিজিটেল প্ৰক্ৰিয়াৰে দৰমহা প্ৰদান কৰিব পাৰিব।

ইয়াৰোপৰি ছাত্ৰ-ছাত্ৰী আৰু কৃষকসকলে সকলে IPPB(INDIAN POST PAYMENT BANK) মোবাইল এপৰ জৰিয়তে বেছি সময় খৰচ নকৰাকৈ লেনদেন কৰিব পাৰিব বুলিও চীফ পোষ্ট মাষ্টাৰ জেনেৰেল গৰাকীয়ে জানিবলৈ দিয়ে।

তদুপৰি, গ্ৰাহকসকলে ১৫৫২৯৯ নম্বৰত ফোন কৰি নাইবা ই মেইল contact@ippbonline.in আৰু ৱেবছাইট  :www.ippbonline.com ত এই বেংকৰ সুবিধাসমূহৰ বিষয়ে জানিব পাৰিব।

উল্লেখ্য যে, অসমৰ নতুনকৈ স্থাপন হোৱা ৭ খন জিলাত এই বেংকসমূহৰ সুবিধা উপলব্ধ নহ’ব যদিও অন্য জিলাকেইখনত এই সুবিধাসমূহ ল’ব পাৰিব। ইপিনে চীফ পোষ্ট মাষ্টাৰ জেনেৰেল গৰাকীয়ে  জানিবলৈ দিয়ে যে সমগ্ৰ ভাৰততে ইণ্ডিয়া প’ষ্ট পেমেন্ট বেংকৰ ৬৫০ টা শাখা আৰু ৩২৫০ টা উপ শাখা মুকলি হ’ব।

Related News