• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীনৰ নিৰ্ভৰশীলতা হ্ৰাসৰ লক্ষ্য: ৭২৮০ কোটি টকাৰ বৃহৎ প্ৰকল্পত অনুমোদন মোদী কেবিনেটৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 27, 2025 8:28 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিৰল ভূ-খনিজ পদাৰ্থ (Rare Earth Minerals) আৰু তাৰ পৰা প্ৰস্তুত কৰা স্থায়ী চুম্বকৰ ক্ষেত্ৰত চীনৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ ভাৰত চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৭,২৮০ কোটি টকাৰ এক নতুন গুৰুত্বপূৰ্ণ প্ৰকল্পক অনুমোদন জনোৱা হয়। এই প্ৰকল্পটোৰ আনুষ্ঠানিক নাম হৈছে ‘স্কিম টু প্ৰমোট মেনুফেকচাৰিং অৱ চিণ্টাৰড ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেট’ (Scheme to Promote Manufacturing of Sintered Rare Earth Permanent Magnets)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত কেন্দ্ৰই এক বিবৃতিত কয় যে এইটো দেশত বিৰল ভূ-খনিজ চুম্বক সন্দৰ্ভত গ্ৰহণ কৰা প্ৰথমটো এনে পদক্ষেপ। ইয়াৰ জৰিয়তে দেশত প্ৰতি বছৰে ৬ হাজাৰ টন বিৰল ভূ-খনিজ পদাৰ্থ প্ৰক্ৰিয়াকৰণ কৰি উন্নত মানদণ্ডৰ স্থায়ী চুম্বক উৎপাদন কৰা হ’ব। এই প্ৰকল্পই বিৰল ভূ-খনিজ পদাৰ্থৰ পৰা স্থায়ী চুম্বক উৎপাদনত ভাৰতক স্বাৱলম্বী কৰি তুলিব। কেন্দ্ৰই দাবী কৰিছে যে ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ গুৰুত্ব বৃদ্ধি পাব।

Apply Now

চীনৰ একচেটিয়া অধিকাৰ আৰু শেহতীয়া উত্তেজনা

বৰ্তমান সময়ত ইলেক্ট্ৰিক মটৰ, ড্ৰোন, স্মাৰ্টফোন, বৈদ্যুতিক বাহন, নবীকৰণযোগ্য শক্তি উৎপাদন আৰু প্ৰতিৰক্ষা সঁজুলিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত উপাদান নিৰ্মাণৰ বাবে নিঅ’ডাইমিয়াম বা চেমাৰিয়ামৰ দৰে বিৰল খনিজ পদাৰ্থৰে তৈয়াৰী শক্তিশালী স্থায়ী চুম্বক অত্যাৱশ্যকীয়।

কিন্তু এই খনিজ পদাৰ্থৰ বিশ্ব বজাৰত চীনৰ সদায় একচেটিয়া অধিকাৰ আছে। ভাৰতকে ধৰি আমেৰিকাৰ দৰে দেশেও এই সামগ্ৰীসমূহৰ বাবে বেইজিঙৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল।

শেহতীয়াকৈ চীনে এই বিৰল খনিজৰ ৰপ্তানিৰ ওপৰত কিছু নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত এক উত্তেজনাৰ সৃষ্টি হৈছিল। চীনে অভিযোগ কৰিছিল যে তেওঁলোকৰ সামগ্ৰীসমূহ বিভিন্ন দেশে সামৰিক খণ্ডত ব্যৱহাৰ কৰি আছে। ইয়াৰ পূৰ্বে চীনে প্ৰায় ছয় মাহ ধৰি ভাৰতলৈ এই খনিজ পদাৰ্থৰ ৰপ্তানি বন্ধ কৰি দিছিল, যিটো যোৱা মাহত কিছুমান চৰ্ত সাপেক্ষে পুনৰ আৰম্ভ কৰা হয়।

কেন্দ্ৰই উল্লেখ কৰে যে সমগ্ৰ দেশতে এনে স্থায়ী চুম্বকীয় সামগ্ৰীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বৰ্তমানৰ তুলনাত ২০৩০ চনৰ ভিতৰত এই চুম্বকৰ চাহিদা দুগুণ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান এই চাহিদা পূৰণৰ বাবে বাহিৰা ৰাষ্ট্ৰৰ পৰা আমদানি কৰিব লগা হয়। এনে পৰিস্থিতিত, কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তক চীনৰ বজাৰৰ চাপৰ মোকাবিলা কৰাৰ বাবে এক সুদূৰপ্ৰসাৰী আৰু কৌশলগত পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd