ভাৰতীয় কোম্পানীৰ ঔষধ সেৱন কৰাৰ পিছত গাম্বিয়াৰ ৬৬ টা শিশুৰ মৃত্যু হোৱাৰ ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে! অভিযোগ অনুসৰি গাম্বিয়াৰ শিশুসকলে কাহ চিৰাপ খোৱাৰ বাবেই মৃত্যুবৰণ কৰিছে। অভিযোগবোৰে এতিয়া শলঠেকত পেলাইছে ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানীবোৰক।
বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে মেডেন ফাৰ্মাচিউটিকেল নামৰ কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। সংস্থাটোৱে এই কোম্পানীটোৰ বিৰুদ্ধে সতৰ্কবাণীও জাৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে নয়ডাস্থিত ফাৰ্মাচিউটিকেল কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।
মেডেন ফাৰ্মাচিউটিকেলৰ বিৰুদ্ধে পশ্চিম আফ্ৰিকাৰ বিভিন্ন দেশলৈ বিষাক্ত ঔষধ ৰপ্তানি কৰাৰ অভিযোগ উত্থাপিত হৈছে। কোম্পানীটোৰ কাফ চিৰাপ খোৱাৰ ফলত শিশুৰ বৃক্ক ক্ষতিগ্ৰস্ত হৈ মুঠ ৬৬ টা শিশুৰ মৃত্যু হৈছে। পৰীক্ষাত দেখা গৈছে যে কেইবাটাও সেই কাফ চিৰাপত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি হৈ আছিল।
শিশুসকলৰ দেহত কাফ চিৰাপ খোৱাৰ পিছতে পেটৰ বিষ, বমি আদিৰ দৰে লক্ষণ দেখা দিয়ে। তাৰ পিছত বৃক্ক বিকল হোৱাৰ ৬৬ টা শিশুৰ মৃত্যু হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ ঘেব্ৰেয়েচাছে গোটেই ঘটনাটো সন্দৰ্ভত উদ্বেগ ব্যক্ত কৰিছে। প্ৰাথমিক অনুসন্ধানৰ পিছত, ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰোল অৰ্গেনাইজেচন অৱ ইণ্ডিয়াই কৈছিল যে বিষাক্ত ঔষধটো কেৱল গাম্বিয়ালৈহে প্ৰেৰণ কৰা হৈছিল।
অৱশ্যে বিষাক্ত ঔষধটো গাম্বিয়াৰ পৰা আন আফ্ৰিকাৰ দেশলৈ চোৰাং পথৰ জৰিয়তে বিয়পি পৰিব পাৰে। বহুতে আশংকা কৰিছে যে ঔষধটো কেৱল আফ্ৰিকাতে নহয় ভাৰততো বিয়পি পৰিব পাৰে।