আকৌ এবাৰ বিশ্বগুৰুৰ ভেশ ধৰিবলৈ উদ্যত হৈছে নেকি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী! আকৌ এবাৰ স্বয়ম্ভু বিশ্বগুৰু হ’বলৈ গৈ মুখ থেকেচা খাব খুজিছে নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে!
দেশবাসীয়ে এতিয়াও পাহৰি যোৱা নাই কোভিডৰ প্ৰথমটো ঢৌৰ পিছত স্বঘোষিত বিশ্বগুৰু হৈ দ্বিতীয়টো ঢৌত কেনেকৈ ত্ৰাহি মধুসুদন দেখিলে ভাৰতে।
ইয়াৰ পিছতে আকৌ নিজৰ দম্ভ মাৰিবলৈ এৰা নাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে আত্মাশ্লাঘাৰে নিজৰ মহিমা বখানিছে ফ্ৰান্সৰ ৰোমত।
ৰোমত অনুষ্ঠিত G-20ৰ সন্মিলনৰ One Earth One Healthত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে কোভিড যুঁজত বিশ্বক সহায় কৰিবলৈ প্ৰদান কৰিব ৫০০ কোটি ভেকচিন।
G-20ৰ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ‘এক বিশ্ব এক স্বাস্থ্য’ৰ শ্ল’গানৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰী মোদীৰ মতে ২০২২ চনৰ ভিতৰত ভাৰতে বিশ্বৰ ১৫০ খনৰো অধিক দেশলৈ কোভিড ভেকচিন প্ৰদান কৰিব।
কিন্তু গুৰুত্বপূৰ্ৰণ কথাটো হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বক সহায়ৰ বাবে আগবঢ়াবলগীয়া ভাৰতীয় থুলৱা ভেকচিনে এতিয়াও বিশ্ব স্বাস্থ্য সংস্থা অনুমোদনেই লাভ কৰাই নাই।
ভাৰত বায়’টেকে প্ৰস্তুত কৰা কভাক্সিনক বিশ্ব স্বাস্থ্য সংস্থাই এতিয়াও অনুমোদন জনোৱাই নাই। বৰ্তমানেও বিশ্ব স্বাস্থ্য সংস্থাই কভাক্সিনৰ অনুমোদনৰ বাবে ভেকচিনটো পৰীক্ষা কৰি আছে।
ইফালে দেশত মূল্যবৃদ্ধিয়ে আকাশ চুৱাৰ সময়ত বহু কেন্দ্ৰীয় মন্ত্ৰী আৰু শাসকীয় বিজেপি দলৰ নেতাই কৈছে দেশৰ জনতাক বিনামূলীয়া ভেকচিন প্ৰদান কৰাৰ বাবে দেশত মূল্যবৃদ্ধি হৈছে।
কৰোনাক দ্বিতীয় ঢৌৰ পূৰ্বে বিশ্বগুৰু হোৱাৰ লালসাত ব্ৰাজিলকে ধৰি কেবাখনো দেশলৈ বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিছিল ভাৰতে। তাৰ কুফল দেশবাসীয়ে বাৰুকৈয়ে ভুগিলে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা ভেকচিনৰ সহযোগিতা বিনামূলীয়া হ’ব নেকি? যদি বিনামূলীয়া হয় তেনে দেশৰ সাধাৰণ জনতা মূল্যবৃদ্ধি জুইত জাহ যাবলৈ সাজু হ’ব লাগিব নেকি? এই প্ৰশ্নই এতিয়া জুৰুলা কৰিছে দেশৰ জনতাক।