দেশত কৰ’নাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে যোৱা ২৪ ঘন্টাত সংক্ৰমণৰ ঘটনা সামান্য হ্ৰাস পাইছে। সেইদৰে দৈনিক মৃত্যুৰ সংখ্যাও পুনৰ পাঁচশৰ ওপৰতে আছে।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৪১ হাজাৰ ৬৪৯ গৰাকী লোক। শুকুৰবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৪৪ হাজাৰ ২৩০ গৰাকী লোক।
সেইদৰে, বৰ্তমান দেশত মুঠ কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩কোটি ১৬লাখ ১৩ হাজাৰ ৯৯৩ গৰাকী।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৫৯৩ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে।
মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ২৩ হাজাৰ ৮১০গৰাকী লোক।
দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩৭হাজাৰ ২৯১গৰাকী।
সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৭লাখ ৮১ হাজাৰ ২৬৩গৰাকী।
দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪লাখ ৮হাজাৰ ৯২০গৰাকী।
দেশত এতিয়ালৈকে ৪৬কোটি ১৫লাখ ১৮হাজাৰ ৪৭৯গৰাকী লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ অধানাম গেব্ৰিয়াছুছে বিশ্বত ইতিমধ্যে কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈ গৈছে বুলি সদৰী কৰিছে। ভাৰততো তৃতীয় ঢৌ আৰম্ভ হোৱাৰ একেবাৰে কাষ পাইছে বুলি কোৱা হৈছে।
দেশত আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে কেৰালাত বৃদ্ধি পোৱা সংক্ৰমণ। সেইদৰে বিগত কেইদিন ধৰি দেশত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে।
ইপিনে, দেশত কৰ’না পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰি আহিছে বিশেষজ্ঞসকলে। তাৰ মাজতে দেশত কৰ’না ভাইৰাছৰ কেইবাটাও ভেৰিয়েন্টৰ অৱস্থিতিও ধৰা পৰিছে।





