Covid-19 Update দেশত আৰু হ্ৰাস পালে কৰ’নাৰ দৈনিক সংক্ৰমণ; মৃত্যুৰ সংখ্যাই অব্যাহত ৰাখিছে উদ্বেগ

india-corona new

প্রতিনিধিত্বমূলক ফটো।

Covid-19 Update দেশত কোভিড-১৯ৰ তৃতীয়টো ঢৌৰ চৰ্চা চলি থকাৰ মাজতে দৈনিক সংক্ৰমণ হ্ৰাস পোৱাৰ বিপৰীতে দৈনিক মৃত্যুৰ সংখ্যাই এতিয়াও উদ্বেগ অব্যাহত ৰাখিছে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১হাজাৰ ১২৬ জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ১১হাজাৰ ৮৫১ জন লোক।

দেশত এতিয়ালৈকে মুঠ কৰ’না আক্ৰান্ত সংখ্যা হৈছেগৈ প্ৰায় ৩কোটি ৪৩লাখ ৭৭হাজাৰ ১১৩ জন।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩৩২ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। সোমবাৰে এই সংখ্যা আছিল ২৪৪জন।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৬১ হাজাৰ ৩৮১জন।

Also Read: Student Politics অসমৰ ছাত্ৰ ৰাজনীতিত প্ৰৱেশৰ বাবে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ এলানি বিশেষ কাৰ্যপন্থা

ইপিনে, বিগত ২৪ ঘন্টাত দেশত ১হাজাৰ ৯৮২ জন লোকে কৰ’নাৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে। দেশত বৰ্তমান সুস্থতাৰ হাৰ হৈছে ৯৮.২শতাংশ।

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৩৭লাখ ৭৫ হাজাৰ ৮৬জন।

আনহাতে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ১ লাখ ৪হাজাৰ ৫৩৮জন। এয়া বিগত ২৬ দিনৰ ভিতৰত সৰ্বনিম্ন

Also Read: Poonam Pandey স্বামীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি হাস্পাতালত ভৰ্তি পুনম; গ্ৰেপ্তাৰ ছেম

বৰ্তমানলৈ দেশত ১০ কোটিতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

আনহাতে, যোৱা ২৪ ঘন্টাত দেশত ৫৯ লাখ ৮ হাজাৰ ৪৪০ জন লোকক ভেকচিন প্ৰদান কৰা হৈছে

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাইছে বিশেষজ্ঞসকলে।