Covid-19 Update: নিয়ন্ত্ৰণহীন কৰ’না; দেশত দৈনিক সংক্ৰমণ ১লাখ অতিক্ৰম,পজিটিভিটিৰ হাৰ ৭.৭৪ শতাংশলৈ বৃদ্ধি

WhatsApp Image 2022-01-07 at 11.02.10 AM

নৱবৰ্ষৰ আৰম্ভণিতে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰথমটো সপ্তাহতে আক্ৰান্তৰ সংখ্যাই ১লাখ অতিক্ৰম কৰিলে। আশ্বৰ্যজনকভাৱে দেশত পজিটিভিটিৰ হাৰো ৭শতাংশ অতিক্ৰম কৰিলে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ১লাখ ১৭ হাজাৰ ১০০ জন লোক।

বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৯০ হাজাৰৰো অধিক লোক। এদিনতে দেশত আক্ৰান্তৰ সংখ্যা ২৯ শতাংশ বৃদ্ধি পাইছে।

দেশত এই মুহূৰ্তত অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ৩,০০৭ জন।ইয়াৰ ভিতৰত বিগত ১৯৯৯ জন লোক সুস্থ হৈ উঠিছে।

লগতে পঢ়ক: Covid Update ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি কোভিডৰ দৈনিক সংক্ৰমণ,পজিটিভিটিৰ হাৰ; আজি কিমান আক্ৰান্ত?

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ৩০২ জন লোকৰ মৃত্যু হৈছে। দেশত পজিটিভিটিৰ হাৰ হৈছেগৈ ৭.৭৪ শতাংশ।

দেশত এতিয়ালৈ কৰনাত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৪ লাখ ৮হাজাৰ ১৭৮ জন।

যোৱা ২৪ ঘন্টাত দেশত কৰনাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১৩০ হাজাৰ ৮৩৬ জন লোক।

দেশত এতিয়ালৈ কৰনা পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪৩ লাখ ১ হাজাৰ ৮৪৫ জন।

লগতে পঢ়ক: ইটালীৰ পৰা আহি অমৃতসৰত নমা বিমানৰ ১২৫গৰাকী যাত্ৰীৰ দেহত ধৰা পৰিল কৰ’না পজিটিভ

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰনা ৰোগীৰ সংখ্যা হৈছে লাখ ৭১ হাজাৰ ৩৬৩ জন।

দেশত বৰ্তমানলৈকে ১৪কোটি ৬৬লাখতকৈয়ো অধিক লোকক কৰনাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত বিগত ২৪ ঘন্টাত ৯৪লাখতকৈয়ো অধিক লোকক ভেকচিন দিয়া হৈছে।

আনহাতে, বিগত ২৪ ঘন্টাত দেশত ১৫লাখ ১৩ হাজাৰ ৩৭৭জন লোকৰ কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ তৃতীয় ঢৌ আৰম্ভ হৈছে আৰু মাত্ৰ দুদিনৰ ভিতৰতে আক্ৰান্তৰ সংখ্যাই ১ লাখ অতিক্ৰম কৰিলে। বিগত ২৪ ঘন্টাত অকল মুম্বাইতে ২০হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে। গোটেই মহাৰাষ্ট্ৰত এই দিনটোত আক্ৰান্তৰ সংখ্যা ৩৬হাজাৰ।

লগতে পঢ়ক: India vs South Africa: জোহান্সবাৰ্গত ইতিহাস গঢ়াত ব্যৰ্থ টীম ইণ্ডিয়া; ছিৰিজত সমতা স্থাপন দক্ষিণ আফ্ৰিকাৰ

ইপিনে, কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে।