দেশত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰবল আশংকা চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ হাৰ পুনৰ বৃদ্ধি হোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে।
শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৩৪হাজাৰ ৪০৩ জন লোক। বৃহস্পতিবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৩০হাজাৰতকৈ সামান্য বেছি।
দেশত এতিয়া মুঠ কৰ’না আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ ৩কোটি ৩৩লাখ ৮১হাজাৰ ৭২৮জন।
আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ৩২০ জন কোভিড আক্ৰান্ত লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৪হাজাৰ ২৪৮জন।
Latest News:লাচিত ঘাটত পাঁচখন নতুন জাহাজ উদঘাটন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ৩৭ হাজাৰ ৯৫০জন।
দেশত এতিয়ালৈকে মুঠ ৩কোটি ২৫ লাখ ৯৮হাজাৰ ৪২৪ জন লোক কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে।
স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩লাখ ৩৯হাজাৰ ৫৬জন।
ইপিনে, দেশত এতিয়ালৈকে ৭৭কোটি ২৪ লাখ ২৫হাজাৰ ৭৪৪ জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৬৩লাখ ৯৭হাজাৰ ৯৭২জনক কৰ’নাৰ ভেকচিন দিয়া হৈছে।
দেশত কৰ’নাৰ তৃতীয়টো ঢৌ আৰু ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ সংক্ৰমণৰ আতংকই উদ্বিগ্নতা বৃদ্ধি কৰি ৰখাৰ মাজতে কৰ’না পৰিস্থিতি কোনো কাৰণতে উদ্বিগমুক্ত নহয় বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে।
কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ পৰিসংখ্যা অনুসৰি দৈনিক সংক্ৰমণ মহাৰাষ্ট্ৰত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ৰাজ্যখনৰ ৫খন জিলাতেই কৰ’নাৰ সংক্ৰমণ ৭০শতাংশ বৃদ্ধি পাইছে।