প্ৰথমবাৰৰ বাবে দেশত এদিনত ১হাজাৰতকৈ অধিক মৃত্যু; মুঠ কৰ’না আক্ৰান্ত ২২লাখ অতিক্ৰম

Corona-Virus-1-1

প্ৰতিনিধিত্বমূলক ফটো

দেশত কৰ’নাৰ সংহাৰ দ্ৰুতভাৱে বৃদ্ধি পাবলৈ লৈছে। যোৱা ২৪ ঘন্টাত পুনৰ ৬২হাজাৰতকৈয়ো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

দেশত একেৰাহে চতুৰ্থদিনাও ৬০হাজাৰতকৈয়ো অধিক লোক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

কিন্তু আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যোৱা ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ১হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

সোমবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ৬২হাজাৰ ৬৪জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

সেইদৰে দেশত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যাই ২২লাখৰ সীমা অতিক্ৰম কৰিছে। বৰ্তমান ভাৰতত কৰ’না সংক্ৰমণ বৃদ্ধিৰ গতি সৰ্বাধিক হৈ পৰিছে।

বিগত চাৰিদিনত দেশত প্ৰায় ২.৫লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে। সেইদৰে মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত ১হাজাৰ ৭জন লোকৰ কৰ’নাত আক্ৰান্ত হোৱাৰ ফলত মৃত্যু ঘটিছে।

সেইদৰে দেশত মুঠ মৃতকৰ সংখ্যা ৪৪হাজাৰ ৩৮৬জনলৈ বৃদ্ধি পাইছে।

অৱশ্যে, কৰ’না আক্ৰান্ত ৰোগীৰ আৰোগ্য হৈ উঠাৰ সংখ্যাই সামান্য সকাহ দিছে।

এতিয়ালৈকে ১৫লাখ ৩৫হাজাৰ ৭৪৪জন কৰ’না ৰোগীয়ে আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে।

বৰ্তমান ৬লাখ ৩৪হাজাৰ ৯৪৫জন কৰ’না আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।