ইণ্টাৰনেট কৰ্তনৰ ক্ষেত্ৰত একেৰাহে ষষ্ঠবাৰৰ বাবে শীৰ্ষত ভাৰত!

ইণ্টাৰনেট বন্ধৰ ক্ষেত্ৰত একেৰাহে ষষ্ঠ বছৰৰ বাবে শীৰ্ষ স্থানত আছে ভাৰত। Access Now আৰু #KeepItOn য়ে সংগ্ৰহ কৰা তথ্য অনুসৰি ২০২৩ চনত ভাৰতে ১১৬ বাৰ ইণ্টাৰনেট বন্ধ কৰিছে। এখন চহৰ বা নগৰত ইণ্টাৰনেট বন্ধ কৰাৰ পৰিৱৰ্তে সমগ্ৰ ৰাজ্যখনৰ (মণিপুৰ আৰু পঞ্জাৱৰ দৰে) ইণ্টাৰনেট বন্ধ কৰাৰ ধাৰা ভাৰতত ক্ৰমান্বয়ে বাঢ়িছে।

সমগ্ৰ বিশ্বতে ইণ্টাৰনেট বন্ধৰ ঘটনা বৃদ্ধি পাইছে। ২০২৩ চনত ৩৯খন দেশত ২৮৩টা ইণ্টাৰনেট বন্ধৰ ঘটনা সংঘটিত হৈছিল।২০১৬ চনৰ পৰা ইণ্টাৰনেট বন্ধ হোৱাৰ তথ্য সংগ্ৰহ কৰা হৈছে, তাৰ পাছৰ পৰা এইটোৱেই প্ৰথমবাৰৰ বাবে সৰ্বাধিক ঘটনা লিপিবদ্ধ কৰা হৈছে। ২০২২ চনৰ পৰা ইণ্টাৰনেট বন্ধৰ ঘটনা ৪১ শতাংশ বৃদ্ধি পাইছে।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে ইণ্টাৰনেট বন্ধৰ এক প্ৰধান কাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাইজেও ইণ্টাৰনেট বন্ধৰ বিৰুদ্ধে মাত মাতিবলৈ আৰম্ভ কৰিছে। ইয়াৰ পাছতো ই মানৱ অধিকাৰ দমনৰ বাবে চৰকাৰসমূহৰ প্ৰিয় অস্ত্ৰ হৈ পৰিছে।

ভাৰতত ইণ্টাৰনেট বন্ধ হোৱাৰ কাৰণ কি?

ভাৰতত ইণ্টাৰনেট বন্ধ কেৱল ভৌগোলিক দিশৰ পৰাই বৃদ্ধি হোৱাই নহয়, অধিক সময়ৰ বাবেও চলি থাকিল। পাঁচ দিন বা তাতকৈ অধিক দিন ধৰি বন্ধ কৰাৰ অনুপাত ২০২২ চনত ১৫% আছিল, ২০২৩ চনত ৪১%তকৈ অধিকলৈ বৃদ্ধি পাইছিল। এই বৃদ্ধি মে’ মাহৰ পৰা আৰম্ভ হৈছিল, যেতিয়া ভাৰত চৰকাৰে ১৪টা মেছেজিং এপ ব্লক কৰিছিল৷ইয়াৰ উপৰিও ২০২৩ চনৰ জানুৱাৰীৰ পৰা অক্টোবৰৰ ভিতৰত ৭,৫০২টা URL ব্লক কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছিল।

ভাৰতৰ নতুন টেলিকম আইনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইণ্টাৰনেট বন্ধ জাৰি কৰাৰ ক্ষমতা অধিক লাভ কৰিছে। অৱশ্যে জম্মু-কাশ্মীৰত ইণ্টাৰনেট বন্ধৰ হাৰ হ্ৰাস পাইছে। ২০২২ চনত জম্মু-কাশ্মীৰত ৪৯ বাৰ ইণ্টাৰনেট বন্ধ কৰা হৈছিল। ২০২৩ চনত এই সংখ্যা আছিল ১৭বাৰ।

ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত গুৰুতৰ অৰ্থনৈতিক ক্ষতি

মণিপুৰত ২১২ দিন ধৰি ৰাজ্যজুৰি ইণ্টাৰনেট বন্ধ হৈ থকাৰ ফলত প্ৰায় ৩২ লাখ লোকে ক্ষতিগ্ৰস্ত হয়। পঞ্জাৱত একেৰাহে চাৰিদিন ইণ্টাৰনেট ব্লেকআউটৰ সন্মুখীন হ’বলগীয়া হৈছিল প্ৰায় ২.৭ কোটি লোক।পূৰ্বৰ বছৰৰ তুলনাত পাঁচ দিন বা তাতোকৈ অধিক দিনকে ধৰি ইণ্টাৰনেট বন্ধৰ সংখ্যা বৃদ্ধি পাইছে। দীৰ্ঘদিন ধৰি ইণ্টাৰনেট বন্ধ হৈ থকাৰ বাবেও যথেষ্ট অৰ্থনৈতিক ক্ষতি হৈছে। ইয়াৰ ফলত লোকক নিবনুৱাৰ দিশলৈ ঠেলি দিয়া হৈছে আৰু দেশৰ বিনিয়োগৰ জলবায়ুত প্ৰভাৱ পৰিছে।

কিপ ইট অনৰ প্ৰতিবেদনে অনুসৰি ইণ্টাৰনেট বন্ধ হোৱাৰ ফলত ব্যক্তিগত জীৱিকাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় জিডিপিলৈকে সকলো স্তৰতে গভীৰ অৰ্থনৈতিক প্ৰভাৱ পৰিছে।