Coronavirus Updates: দেশত ক্ৰমে উৰ্ধগামী ক’ৰনাগ্ৰাফ, ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা কালিতকৈও বেছি

test-covid-

প্ৰতিনিধিত্বমূলক ফটো।

দেশত ক্ৰমে উৰ্ধগামী হৈছে ক’ৰনাৰ গ্ৰাফ৷ চতুৰ্থ ঢৌৰ আশংকা বৃদ্ধি কৰি বিগত কেইদিনমানত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই যথেষ্ট উদ্বেগ বৃদ্ধি কৰিছে। বুধবাৰে, দেশখনৰ দৈনিক সংক্ৰমণে ৯৪ দিনৰ পিছত ৫,০০০ ৰ সীমা স্পৰ্শ কৰিছিল। বৃহস্পতিবাৰে এই সংখ্যাই ৭,০০০ৰ ঘৰ অতিক্ৰম কৰিলে। একে সময়তে সক্ৰিয় ৰোগৰ সংখ্যাও বৃদ্ধি পাই গৈ আছে।

বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৭,২৪০ গৰাকী লোক কৰ’নাত আক্ৰান্ত হৈছে।

সেয়া কালিৰ তুলনাত প্ৰায় ৪০ শতাংশ অধিক। বৰ্তমান দেশত থকা সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩২,৪৯৮ গৰাকী৷ এই সংখ্যা কালিৰ তুলনাত ৩,০০০ অধিক। দেশত সক্ৰিয় ৰোগীৰ হাৰ হঠাতে ০.০৮ শতাংশলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত কৰ’নাত 8 জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত মুঠ কোভিডত ঘটা মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৭২৩ গৰাকী৷

এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ ৪০ হাজাৰ ৩০১ জন লোক কৰ’নাৰ পৰা আৰোগ্যলাভ কৰিছে৷ যোৱা ২৪ ঘণ্টাত কৰোনাৰ পৰা ৩,৫৯২ গৰাকী লোক আৰোগ্য হৈছে। ৰোগ মুক্তিৰ হাৰ ৯৮.৭১ শতাংশলৈ হ্ৰাস পাইছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৯৪.৫৯ কোটিৰো অধিক কৰ’নাৰ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ১.৫ নিযুতৰো অধিক লোকে কালি ভেকছিন গ্ৰহণ কৰিছে।

যদিও দেশত দৈনিক সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে, চৰকাৰে এই মুহূৰ্তত কোনো নতুন নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰা নাই। কিন্তু কেন্দ্ৰই বুষ্টাৰ পালি প্ৰদানত অধিক গুৰুত্ব প্ৰদানৰ সিদ্ধান্ত লৈছে।