NORTHEAST NOW (Assamese)

দেশত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৩৫,৫৫১ গৰাকী ব্যক্তি ক’ভিড প’জিটিভ; ৫২৬ গৰাকীৰ মৃত্যু

December 3, 2020 11:21 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৫ লাখ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত ৩৫,৫৫১ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে।

ইয়াৰ ফলত দেশত এতিয়া ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ৯৫,৩৪,৯৬৫ গৰাকী।

আনহাতে যোৱা ২৪ ঘণ্টাত এই ভাইৰাছবিধৰ ফলত ৫২৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। এই পৰ্যন্ত দেশত ক’ৰ’নাৰ ফলত ১,৩৮,৬৪৮ গৰাকী লোকৰ মৃত্যু ঘটিছে।

বৃহস্পতিবাৰে পুৱা দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত এতিয়া ৪,২২,৯৪৩ গৰাকী সক্ৰিয় ৰোগী আছে।

চীনৰ পৰা সম্প্ৰসাৰিত এই ভাইৰাছবিধৰ কৱলৰ পৰা এই পৰ্যন্ত ৮৯,৭৩,৩৭৩ গৰাকী ৰোগী সুস্থ হৈ উঠিছে।

উল্লেখ্য যে, দেশত ক’ৰ’নাৰ আৰোগ্যৰ হাৰ ৯৪.০৩ শতাংশৰ পৰা ৯৪.১১ শতাংশলৈ বৃদ্ধি পোৱা বুলি জনাইছে স্বাস্থ্য মন্ত্ৰ্যালয়ে।

ইফালে আই চি এম আৰে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১১ লাখৰো ধিক লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। ২ ডিচেম্বৰত ১১,১১,৬৯৮ গৰাকীৰ ক’ৰ’নাৰ টেষ্ট কৰা হৈছে।

দেশত এই পৰ্যন্ত সৰ্বমুঠ ১৪,৩৫,৫৭,৬৪৭ গৰাকী ক’ৰ’নাৰ টেষ্ট কৰা বুলি জানিব পৰা যায়।

Related News